Papaya Side Effects : অমিতা সকলোৰে বাবে ভাল নহয়, বৃহৎ সমস্যা হ’ব পাৰে, কোনে এই খাদ্য কেতিয়াও খাব নালাগে

l205 28711605114188

অমিতা অতি পুষ্টিকৰ খাদ্য । যিয়ে পেটৰ নানা সমস্যাত ভোগে, তেওঁলোকক নিয়মিত অমিতা খোৱাৰ পৰামর্শ দিয়ে চিকিৎসকসকলে । অমিতাই পেট শীতল কৰে, কোষ্ঠকাঠিন্যৰ সমস্যা কমে ।

কিন্তু অমিতা সকলোৰে বাবে মুঠেই ভাল নহয় । অৱশ্যে পকা অমিতাই হ‌ওক বা কেঁচা অমিতা ৰন্ধা কোনোৰ কোনোৰ ক্ষেত্রত এই অমিতাই নানা জটিলতাৰ সৃষ্টি কৰিব পাৰে ।

কোনসকলে অমিতা প্ৰত্যাহাৰ কৰিব ? কোনে অমিতা খোৱাৰ আগতে চিকিৎসকৰ পৰামর্শ ল’ব ?

অন্তঃসত্ত্বাসকলে : সন্তান সম্ভৱাসকলে অমিতা খোৱা উচিত নহয় । কাৰণ ইয়াৰ কিছু উপাদানে ভ্রুণল ক্ষতি কৰিব পাৰে । ইয়াৰ উপৰি, নির্দিষ্ট সময়ৰ আগতে সন্তানৰ জন্মও হ’ব পাৰে অমিতা খালে । সেয়ে চিকিৎসকসকলে অমিতা নাখাবৰ বাবে পৰামর্শ দিয়ে ।

কিড্‌নিৰ সমস্যা থাকিলে : যিসকলে ইতিমধ্যে কিড্‌নিৰ সমস্যাত ভুগিছে, তেওঁলোকে অমিতা খাব নালাগে । ইয়াৰ কেলচিয়াম অগজালেটে কিড্‌নি ষ্টোনৰ শংকা বৃদ্ধি কৰে । ফলত সমস্যা হ’ব পাৰে ।

এলার্জি হ’ব পাৰে : অমিতাৰ কিছু উপাদানে কোনো কোনোৰ ক্ষেত্রত এলার্জিৰ শংকা বৃদ্ধি কৰে । অমিতা খালে হাঁচি, ডিঙি বিষ, শ্বাসকষ্টৰ দৰে সমস্যা হ’ব পাৰে । এনে লক্ষণ দেখা দিলে অৱশ্যে অমিতা খাব নালাগে ।

জণ্ডিছ আৰু হাপানি : যিসকলৰ এই দুই সমস্যা আছে, তেওঁলোকে অমিতা খাব নালাগে । কাৰণ অমিতাৰ বিটা কেৰ’টিনে এই দুই সমস্যাৰ পৰিমাণ আৰু বঢ়াই দিয়ে ।

ৰক্তচাপৰ সমস্যা : ৰক্তচাপৰ সমস্যা থাকিলে অমিতা খোৱাৰ আগতে চিকিৎসকৰ পৰামর্শ ল‌ওক । কাৰণ অমিতাই হঠাৎ ৰক্তচাপ কমাই দিব পাৰে, হৃদযন্ত্রৰ গতিও কম কৰি দিব পাৰে । ফলত যিসকলে ৰক্তচাপ নিয়ন্ত্রণত ৰাখিবৰ বাবে ঔষধ খায়, তেওঁলোকৰ বিপদ হ’ব পাৰে অধিক অমিত খালে । সেয়ে এনে পৰিস্থিতিত চিকিৎসকৰ পৰামর্শ লৈয়েই অমিতা খাওক ।

Exit mobile version