অসমতে হওক বা মেঘালয়তে হওক গাৰো গাঁও অন্তৰ্ভুক্তৰ দাবী

অসম-মেঘালয় সীমান্তৱৰ্তী গাৰো গাঁও বিভাজনৰ বিৰোধিতাৰে শান্তিপুৰত সাতটাকৈ গাৰো জাতীয় সংগঠনৰ প্ৰতিবাদী সভা

WhatsApp Image 2022 02 24 at 3.48.15 PM

অসমৰ মানুহে অসমত থকাৰ বাবে আন্দোলন কৰিবলগীয়া হৈছে । ৰাজ্য চৰকাৰে বিভাজন আনিব খুজিছে । সীমা সমস্যা সমাধানৰ নামত অসমৰ গাৰো গাঁওসমূহৰ মাজত বিভাজন বিচৰা নাই কামৰূপ জিলা আৰু গোৱালপাৰা জিলাৰ গাৰো জাতীয় সংগঠনসমূহে । ৰাজ্য চৰকাৰে গাৰোসকলৰ মাজত বিভাজন আনিব বিচাৰিছে ।

অসমৰ একাংশ গাৰো গাঁও মেঘালয়ত সন্নিবিষ্ট কৰি সীমা সমস্যা সমাধান গ্ৰহণযোগ্য হ’ব নোৱাৰে । যাৰ বাবে আজি ছয়গাঁও সমষ্টিৰ গাৰো অধ্যুষিত অঞ্চল শান্তিপুৰত পুৰুষ‌ মহিলা নিৰ্বিশেষে কে’বাশতাধিক গাৰো লোক মাৰ বান্ধি একত্ৰিত হয় ।

অসম মেঘালয় সীমান্তৱৰ্তী কামৰূপৰ প্ৰায় ৮৫খন গাৰো গাঁৱৰ ৰাইজ একত্ৰিত হ’ল শান্তিপুৰত থকা গাৰো জাতীয় পৰিষদৰ কাৰ্যালয় প্ৰাংগনত । ক্ষোভিত সাতটাকৈ গাৰো জাতীয় সংগঠনৰ দাবী অসমৰ গাৰোসকলক অসমত ৰাখক । গাৰোসকলৰ দীৰ্ঘদিনীয়া দাবী ‘গাৰো স্বায়ত্ব শাসন’ প্ৰদান কৰক ।

Exit mobile version