Russia-Ukraine Conflict : বন্ধ হ’ল ইউক্রেইনৰ আকাশসীমা, মাজপথৰ পৰাই উভতিল এয়াৰ ইণ্ডিয়াৰ বিমান, সংকটত ভাৰতীয়

Air India Air Bubble Flights

আৰম্ভ হৈছে যুদ্ধ । ইউক্রেইন আক্রমণ কৰিছে ৰাছিয়াই । অনির্দিষ্টকালৰ বাবে বন্ধ কৰি দিয়া হৈছে ইউক্রেইনৰ আকাশসীমা । ফলত ইউক্রেইনত আবদ্ধ হৈ পৰা ভাৰতীয়সকলক উদ্ধাৰ কৰিবলৈ এয়াৰ ইণ্ডিয়াৰ বিমান ‘এআই ১৯৪৭’-এ দিল্লী লৈ ঘূৰি আহিবলগীয়া হয় । অসমর্থিত সূত্রে খবৰ, এই পৰ্যন্ত ১৮ হেজাৰ ভাৰতীয় আবদ্ধ হৈ আছে ইউক্রেইনত ।

ইউক্রেইন-ৰাছিয়াৰ মাজত যুদ্ধ পৰিস্থিতি সৃষ্টি হোৱাৰ সময়তেই ইউক্রেইনত ভাৰতীয় দূতাবাসে সেই দেশত শিক্ষাগ্ৰহণ কৰি থকা ভাৰতীয় শিক্ষাৰ্থীসকলক দেশত উভতাৰ নির্দেশ দিছিল । সেই অনুযায়ী, মঙলবাৰে গভীৰ নিশা এয়াৰ ইণ্ডিয়াৰ বিশেষ বিমানত ২৪২ জন ভাৰতীয় শিক্ষাৰ্থী দিল্লী লৈ উভতি আহে । তেওঁলোকক নমায়েই পুনৰ বিমানখন ৰাওনা হয় কিভৰ উদ্দেশ্যে । কিন্তু ভাৰতীয় সময় পুৱা ৮:৩০ বজাত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুতিনে সেনা অভিযানৰ কথা ঘোষণাৰ পাছতেই পৰিস্থিতি সলনি হৈ যায় ।

যুদ্ধ ঘোষণাৰ পাছতেই নিজৰ আকাশসীমা বন্ধ কৰাৰ কথা জনায় ইউক্রেইনে । ফলত কিভমুখী এয়াৰ ইণ্ডিয়াৰ বিমান ‘এআই ১৯৪৭’ উভতি আহিবলগীয়া হয় মাজ পথৰ পৰাই । সেই বিমান দিল্লীত উপস্থিত হৈছে । যুদ্ধ পৰিস্থিতিৰ সময়তে ইউক্রেইনত আবদ্ধ হৈ পৰা ভাৰতীয়সকলৰ কি হ’ব ? সম্প্ৰতি উত্তৰ নাই কোনো পক্ষৰেই ।

ভাৰতৰ পৰা প্রতি বছৰ বহু শিক্ষাৰ্থী ইউক্রেইনত শিক্ষা গ্ৰহণ কৰিবলৈ যায় । বিশেষকৈ সেই দেশত চিকিৎসা বিজ্ঞান পঢ়াৰ দিশত অধিক আগ্ৰহ ভাৰতীয় শিক্ষাৰ্থীসকলৰ । এই পৰ্যন্ত তেওঁলোক সকলোকে দেশলৈ উভতাই আনিব পৰা নাই । এয়াৰ ইণ্ডিয়াৰ বিমানে তেওঁলোকক উভতাই অনাৰ কামেই কৰিছিল । কিন্তু হঠাৎ আকাশসীমা বন্ধ হৈ যোৱাত তেওঁলোকৰ ভৱিষ্যতক লৈ জল্পনা আৰম্ভ হৈছে ।

Exit mobile version