শুকুৰবাৰে নিশা জাগীৰোডৰ সমীপৰ দেওশাল মন্দিৰৰ ওচৰত চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত নগাঁওস্থিত ভাৰতীয় ষ্টেট বেংকৰ এটা শাখাৰ দুজন বিষয়াই কৰুণ মৃত্যুক সাৱটি ল’ব লগীয়া হয়।
ADVERTISEMENT
দুৰ্ঘটনাটোত নিহত বেংক বিষয়া দুজনৰ এজন নগাঁও চহৰৰ খুটিকটীয়া শাখা ভাৰতীয় ষ্টেট বেংকৰ মুখ্য প্ৰবন্ধক শ্ৰীকৃষ্ণ ঠাকুৰী আৰু আনজন বিষয়া দীপ পাল ।
ঘটনাটো শুকুৰবাৰে দুয়ো নগাঁৱৰ পৰা গুৱাহাটীলৈ গৈ থকা পথত সংঘটিত হয়।যাত্ৰা পথত জাগীৰোডৰ সীতাজখলাত চাহ খাই বিষয়া শ্ৰীকৃষ্ণ ঠাকুৰে নিজেই গাড়ী চলাইছিল ।
বেংক বিষয়া শ্ৰীকৃষ্ণ ঠাকুৰ আৰু দীপ পাল যোৱা গাড়ী খনত এডাল গছ বাগৰি পৰাত সংঘটিত হয় এই শোকাৱহ দুৰ্ঘটনা।






























