বিস্তৃত গো উন্নয়ন আঁচনিৰ, কোকৰাঝাৰ জিলাৰ সাতবিল ৰাজ্যিক পশু চিকিৎসালয়ৰ উদ্যোগত গৰুৰ কৃত্ৰিম প্ৰজননৰ ওপৰত সজাগতা অনুষ্ঠান অনুষ্ঠিত কৰাৰ লগতে এক দামুৰী প্ৰদৰ্শনী অনুষ্ঠিত কৰা হয়।
গোসাঁইগাঁও মহকুমা পশু চিকিৎসা বিষয়া মুনিন্দ্ৰ নাথ তালুকদাৰৰ পৌৰহিত্যত অনুষ্ঠিত সজাগতা সভাত বিস্তৃত গো উন্নয়ন আঁচনি, কোকৰাঝাৰৰ ভাৰপ্ৰাপ্ত বিষয়া ডা° ফটিক দাসে গৰুৰ কৃত্ৰিম প্ৰজননৰ ওপৰত বিস্তৃত ভাষণ আগবঢ়ায়।
অনুষ্ঠানত তেওঁ গৰুৰ কৃত্ৰিম প্ৰজননৰ প্ৰয়োজনীয়তা আৰু গৰুৰ ষ্টিকাৰ লগোৱাৰ ক্ষেত্ৰত কৃষকৰ কৰণীয় সম্পৰ্কে মন্তব্য আগবঢ়ায়।
সভাত কচুগাঁও পৰিষদীয় সমষ্টি টিছিএলছিছিৰ উপাধক্ষ্য সিদ্ধাৰ্থ নাৰ্জাৰীয়ে স্থানীয় কৃষক আৰু গোপালকসকলক আমূল কোম্পানীৰ উত্থানৰ কথা উল্লেখ কৰি গোপালক উৎসাহিত কৰে।
সভাত ক্ৰাস আঁচনিৰ প্ৰকল্প বিষয়া ডা° খগেন শৰ্মা, ফকিৰাগ্ৰাম পশু চিকিৎসালয়ৰ পশু চিকিৎসা বিষয়া ডা° হাসেম আলী, হাব্ৰুবাৰী পশু চিকিৎসালয়ৰ পশু চিকিৎসা বিষয়া ডা° গুনেন চৌধুৰী আদিকে ধৰি কেবাজনো পশু চিকিৎসক উপস্থিত থাকি তেওঁলোকৰ মন্তব্য আগবঢ়ায়। সভাত চাৰি গৰাকী গোপালকক উৎকৃষ্টতাৰে গো পালন কৰাৰ বাবে পুৰস্কৃত কৰে।






























