ইউক্ৰেইনৰ পৰা উদ্ধাৰ অসমৰ ছয় শিক্ষাৰ্থী

WhatsApp Image 2022 02 27 at 3.57.58 PM

ইউক্ৰেইনত আবদ্ধ হৈ থকা অসমৰ ছয়জন শিক্ষাৰ্থীক বৈদেশিক মন্ত্ৰণালয়ে উদ্ধাৰ কৰিলে । দেওবাৰে পুৱাই তেওঁলোক পৃথক পৃথক বিমানত নতুন দিল্লী আৰু মুম্বাইত উপস্থিত হয় ।

মুম্বাই আৰু নতুন দিল্লীৰ অসম ভৱনে শিক্ষাৰ্থীসকলক ঘৰলৈ প্ৰেৰণ কৰাৰ প্ৰয়োজনীয় ব্যৱস্থা কৰিছে ।

অসম চৰকাৰে শিক্ষাৰ্থীসকলৰ অসুবিধা নোহোৱাকৈ স্থানান্তৰ আৰু নিৰাপদ ভ্ৰমণৰ বাবে বৈদেশিক মন্ত্ৰণালয়ৰ স’তে যোগাযোগ কৰি আছে ।

উদ্ধাৰ কৰা শিক্ষাৰ্থীসকল হৈছে তন্ময় পৰাশৰ, শিয়া দাস, ডেইজী বসুমতাৰ, কৃতিকা বসন্ত (গুৱাহাটী), অনুৰাগ ভূঞা (গহপুৰ) আৰু হিমাশ্ৰী কাকতি (শুৱালকুছি) ।

তন্ময় আৰু শিয়া মুম্বাইৰ অসম ভৱনত আছে আৰু অসম চৰকাৰৰ তৰফৰ পৰা তেওঁলোকক ঘৰলৈ পঠোৱাৰ সমস্ত ব্যৱস্থা কৰিছে ।

অনুৰাগ আৰু কৃতিকাক দিল্লীৰ অসম ভৱনৰ কৰ্মচাৰীসকলে আদৰণি জনায় । তেওঁলোক বৰ্তমান দিল্লীৰ আত্নীয়ৰ ঘৰত থাকিব আৰু দিল্লীৰ পৰা গুৱাহাটী পৰ্যন্ত বিমান যাত্ৰাৰ ব্যৱস্থা কৰা হ’ব । টিকটৰ ব্যৱস্থা অসম চৰকাৰে কৰিব ।

হিমাশ্ৰী আৰু ডেইজী দিল্লীৰ অসম ভৱনত থাকিব আৰু নতুন দিল্লীৰ পৰা গুৱাহাটীলৈ বিমান যাত্ৰাৰ সকলো ব্যৱস্থা অসম চৰকাৰৰ দ্বাৰা কৰা হ’ব ।

সকলো শিক্ষাৰ্থীয়ে ইউক্ৰেইনৰ বিভিন্ন বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়ত চিকিৎসা বিষয়ত অধ্যয়নৰত ।

Exit mobile version