ক’ভিডত আক্ৰান্ত জনপ্ৰিয় অভিনেত্ৰী শ্ৰুতি হাচান

Shruti Haasan at the special screening of the short film Devi 32

বিগত নৱেম্বৰ মাহত ক’ভিডত আক্ৰান্ত হৈছিল দক্ষিণৰ অভিনেতা কমল হাছান । তিনি মাহৰ অন্তত এইবাৰ ক’ভিডিত আক্ৰান্ত হ’ল তেওঁৰ জ্যেষ্ঠ কন্যা শ্ৰুতি হাচান ।দেওবাৰে অভিনেত্ৰীগৰাকীয়ে নিজেই ইনষ্টাগ্ৰামত পোষ্ট কৰি খবৰটো ঘোষণা কৰে।

শ্ৰুতিয়ে লিখিছে, “সকলো নিয়ম অনুসৰি কৰাৰ পাছতো মই ক’ভিডৰ কবলত পৰিছো। কিন্তু এতিয়া মই লাহে লাহে সুস্থ হোৱাৰ দিশে আগবাঢ়িছো। অতি সোনকালেই কামলৈ উভতি আহিম বুলি আশা কৰিছোঁ । আপোনালোক সকলোকে ধন্যবাদ আৰু বহুতো মৰম।”

অভিনয় আৰু গানত পাৰদৰ্শী শ্ৰুতিৰ এই পোষ্টৰ তলত, বলি পৰিচালক আৰু প্ৰযোজক সিদ্ধাৰ্থ মালহোত্ৰা, অভিনেত্ৰী ছফি চৌধাৰি নম্ৰতা শিৰোদকাৰীৰ লগতে বিভিন্নজনে তেওঁৰ আশু আৰোগ্য কামনা কৰিছে।

Exit mobile version