পুনৰ ছবিত অভিনয় কৰিব কপিলে

77022705

টেলিভিছনৰ পাছত কমেডীৰ যাদুৰে ডিজিটেল প্লেটফৰ্মৰ দর্শককো মন্ত্রমুগ্ধ কৰিছে কপিল শৰ্মাই। এই কৌতুক অভিনেতাজনক আকৌ দেখা পােৱা যাব ৰূপালী পর্দাত।

প্রখ্যাত পৰিচালক ছাজিদ নাদিয়াৱালাৰ এখন ছবিত অভিনয় কৰিব কপিলে। শীঘ্ৰেই কপিল শর্মাৰ টিভি অনুষ্ঠানলৈ আহিব বলিউদৰ যশস্বী পৰিচালকজন।

সেই অনুষ্ঠানতে তেওঁ নিজৰ পৰৱর্তী ছবিৰ কথাও ঘােষণা কৰিব। ছাজিদে ইতিমধ্যেই জনাইছে যে তেওঁ কপিলক কেন্দ্র কৰি ইতিমধ্যেই চিত্রনাট্য ৰচনা আৰম্ভ কৰিছে।

অৱশ্যে কপিলক কেনে চৰিত্ৰত দেখা যাব বা ছবিৰ চিত্রগ্রহণ কেতিয়াৰ পৰা আৰম্ভ হ’ব, সেয়া পৰিচালকজনে জনােৱা নাই। ছাজিদে কেৱল জনাইছে যে আগন্তুক দুমাহৰ ভিতৰতে ছবিৰ কাম আৰম্ভ হােৱাৰ কথা আছে।

উল্লেখ্য যে কপিলে ইতিমধ্যে বলিউদত দুখন ছবি কৰিছে যদিও বিশেষ সফল হােৱা নাই। সম্প্রতি আন্তর্জাতিক খ্যাতিসম্পন্না অভিনেত্রী-পৰিচালক নন্দিতা দাসেও কপিলক লৈ এখন ছবি নির্মাণ কৰাৰ কথা ঘােষণা কৰিছে।

ইয়াৰ উপৰি কপিলৰ বায়’পিকেও শীঘ্রেই মুক্তি পাব। মৃগদীপ সিং লাম্বাই বায়’পিকখন নির্মাণ কৰিছে।

Exit mobile version