Russia-Ukraine War: যুদ্ধ বিধ্বস্ত ইউক্ৰেইনৰ সেৱাধৰ্ম ISKCON ৰ !

1023288 iskcon

যুদ্ধবিধ্বস্ত ইউক্ৰেইনৰ সাধাৰণ লোকসকলৰ কাষত থিয় দিছে ইস্কন (ISKCON Temple) বিপদত পৰা লোকসকলৰ বাবে মুকলি কৰা হ’ল মন্দিৰৰ দুৱাৰ ।

কলকাতাত ইস্কনৰ উপ-সভাপতি ৰাধাৰমন দাসে শনিবাৰে জনায় যে সমগ্ৰ ইউক্ৰেইনৰ দুৰ্দশাগ্ৰস্ত লোকসকলক সেৱা কৰিবলৈ সাজু ইস্কন মন্দিৰ ।

তেওঁ কয় “আমাৰ ভক্ত আৰু মন্দিৰসমূহ বিপদত পৰা লোকসকলক সেৱা কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ। আমাৰ মন্দিৰৰ দুৱাৰ তেওঁলোকৰ সেৱাৰ বাবে মুকলি। হৰে কৃষ্ণ। “

ইউক্ৰেইনত ইস্কনৰ ৫৪ টা মন্দিৰ আছে। ৰাধাৰমনে জনাইছে যে কিয়েভত তেওঁলোকৰ সকলো ভক্ত সুৰক্ষিত হৈ আছে । মন্দিৰবোৰো চলি আছে।

মানুহক সেৱা কৰাৰ বিষয়ে জনায় ৰাধাৰমনে কয়, “যদি জীৱনে আপোনাক নেমু দিয়ে, নেমুৰ চৰবত বনাওক। ইউক্ৰেইনত থকা আমাৰ অনুৰাগীসকল এখোজ আগুৱাই গৈছে। যেতিয়া জীৱনে তেওঁলোকৰ ফালে নেমু নিক্ষেপ কৰিছে, তেওঁলোকে নেমু চৰবত বনোৱা বন্ধ কৰা নাই। সেইয়া সকলোৰে মাজত ভাগ কৰিবলৈ কৰিবলৈ আৰম্ভ মাৰিছে। এই কঠিন সময়ত, আমাৰ ভক্তসকলে জনসাধাৰণৰ সেৱা কৰিবলৈ নিজৰ জীৱন বিপদত পেলাইছে। “

 

অৱশ্যে এইয়াই প্ৰথম নহয় , ইয়াৰ আগে চেচায়া যুদ্ধৰ সময়তো যুদ্ধবিধ্বস্ত অঞ্চলসমূহৰ লোকসকলক সেৱা আগবঢ়োৱাইছিল ইস্কনে।

বিশেষকৈ ফ্লেটত আৱদ্ধ বৃদ্ধ লোকসকলক , যাৰ চোৱাচিতা কৰিবলৈ কোনো নাই তেওঁলোকৰ বাবে সেৱা আগবঢ়াই ভক্তসকলে ।সেই সময়ছোৱাত বহুলোকে প্ৰাণ হেৰুৱাইছিল বুলিও উল্লেখ কৰে ৰাধাৰমনে ।

উল্লেখ্য যে, বিগত বৃহস্পতিবাৰে মাজনিশা ইউক্ৰেইনক আক্ৰমণ কৰে ৰাছিয়াই ।আৰম্ভ হয় নিৰন্তৰ বোমা বিস্ফোৰণ । ইয়াৰ পাছতে শুকুৰবাৰে কিয়েভত প্ৰৱেশ কৰে পুটিনৰ বাহিনীয়ে । ঘৰ দুৱাৰ ভাঙি পৰে বহুতৰে । বিভিন্নজনে জীৱনৰ ভয়ত য’তে পাই ত’তে আশ্ৰয় লৈছে। এই পৰিস্থিতিত, তাত থকা দুৰ্দশাগ্ৰস্ত লোকসকলৰ ওচৰত থিয় দিয়ে ইস্কন ।

Exit mobile version