Surgery : ইউটিউব চাই লিংগ অস্ত্ৰোপচাৰ কৰিলে দুই ডাক্তৰ শিক্ষাৰ্থীয়ে ! ইয়াৰ পাছত কি হ’ল শুনিলে হতবাক হ’ব আপুনি

1645955907 operation

লিংগ সলনি কৰিব বিচাৰিছিল। ভাবিছিল মুম্বাইলৈ গৈ অস্ত্ৰোপচাৰ সম্পন্ন কৰিব। কিন্তু এজন সামান্য দৰমহা প্ৰাপ্ত কৰ্মচাৰীৰ বাবে সেই ধন সংগ্ৰহ কৰাটোও অসম্ভৱ আছিল।

ঠিক সেই সময়তে দুজন চিকিৎসা শিক্ষাৰ্থীৰ স’তে পৰিচয় হয় শ্ৰীকান্ত নামৰ যুৱকজনৰ । মস্তান আৰু জীবা নামৰ দুয়োগৰাকী শিক্ষাৰ্থীক শ্ৰীকান্তে তেওঁৰ হৃদয়ৰ আকাংক্ষা ব্যক্ত কৰে।

কেৱল সেয়াই নহয় ,তেওঁ এইটোও কয় যে তেওঁ মুম্বাইলৈ যোৱাৰ কথা ভাবি আছে।

শ্ৰীকান্তৰ ইচ্ছাৰ কথা শুনি দুয়োজন শিক্ষাৰ্থীয়ে তেওঁক বুজাই, যে ইমান বৃহৎ পৰিমাণৰ ধন লৈ মুম্বাইত অস্ত্ৰোপচাৰ কৰিবলৈ যোৱাটো সঠিক নহ’ব।

অস্ত্ৰোপচাৰৰ কাম তেওঁলোক দুয়োজনে অতি কম খৰচত কৰি দিব আৰু তেওঁলোকেই অস্ত্ৰোপচাৰ কৰিব।

শ্ৰীকান্তে ঘৰ ভাড়ালৈ অকলেই আছিল। ইয়াৰ পাছত দুয়োজন চিকিৎসা শিক্ষাৰ্থীৰয়ে এটা লজ ভাড়ালৈ লয়। তালৈ শ্ৰীকান্তক লৈ যায়। অস্ত্ৰোপচাৰৰ সঁজুলিও যোগাৰ কৰা হয় ।

ইয়াৰ পাছত,তেওঁলোকে ইউটিউব চাই শ্ৰীকান্তৰ অস্ত্ৰোপচাৰ আৰম্ভ কৰে। কিন্তু পাছতে বাঢ়ে বিপদ। শ্ৰীকান্তৰ শৰীৰৰ পৰা প্ৰচুৰ ৰক্তক্ষৰণ হৈছিল। দুয়োজন শিক্ষাৰ্থীয়ে তেজ বন্ধ কৰিব নোৱাৰিলে।

এই দৃশ্য দেখি দুয়ো শিক্ষাৰ্থী শ্ৰীকান্তক সেই অৱস্থাত লজত এৰি পলাই গ’ল। ঘটনাস্থলীতে মৃত্যু হয় শ্ৰীকান্তৰ। ঘটনাটো অন্ধ্ৰ প্ৰদেশৰ নেল্লোৰত সংঘটিত হয় ।

লজৰ এজন কৰ্মচাৰীয়ে শ্ৰীকান্তক ৰক্তাক্ত অৱস্থাত পৰি থকা দেখি মালিকক খবৰ দিয়ে। তাৰ পাছত আৰক্ষীক খবৰ দিয়া হয়। প্ৰাথমিক অনুসন্ধানত প্ৰকাশ পাই যে অত্যাধিক ৰক্তক্ষৰণৰ ফলত তেওঁৰ মৃত্যু হয়।

Exit mobile version