ইউক্ৰেইনৰ পৰা উদ্ধাৰ অসমৰ তিনি শিক্ষাৰ্থী

WhatsApp Image 2022 02 28 at 7.14.40 PM

ইউক্ৰেইনত আবদ্ধ অসমৰ তিনিজন শিক্ষাৰ্থীক উদ্ধাৰ কৰিলে এম‌ইএ-য়ে । সন্ধিয়া ৫:৩০ বজাত তেওঁলোক নতুন দিল্লীত উপস্থিত হয় আৰু অসম ভৱনৰ কৰ্তৃপক্ষই তেওঁলোকক আদৰণি জনায় ।

আজি ইউক্ৰেইনৰ পৰা উভতি তিনি অসমীয়া হৈছে ক্ৰমে শুৱালকুছিৰ বংশৰ দীপশিখা দাস, যোৰহাটৰ প্ৰয়াস শৰ্মা, মৰাণৰ অৱিনাশ ফুকন ।

তেওঁলোক সকলোৱে ইউক্ৰেইনৰ ইউজেড‌এইছ‌এন‌ইউ-ত চিকিৎসা বিষয়ত শিক্ষাৰত ।

তেওঁলোক বৰ্তমান দিল্লীৰ অসম ভৱনত আছে আৰু দিল্লীৰ পৰা গুৱাহাটীলৈ বিমানৰ ব্যৱস্থা অসম চৰকাৰৰ তৰফৰ পৰা কৰা হ’ব ।

Exit mobile version