এইবাৰৰ বাজেটে একবিংশ শতাব্দীত ভাৰতৰ উন্নয়নৰ ‘গতিশক্তি’ নির্ধাৰণ কৰিছে : প্ৰধানমন্ত্ৰী মোদী

modi1 1640749249

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ২০২২ বৰ্ষৰ কেন্দ্ৰীয় বাজেটত গতিশক্তিৰ ৰূপকল্প আৰু ইয়াৰ একীকৰণৰ বিষয়ে এটা ৱেব‌ইনাৰত ভাষণ প্ৰদান কৰে । বাজেটৰ পাছত প্ৰধানমন্ত্ৰী মোদীয়ে ভাষণ প্ৰদান কৰা এইটো ষষ্ঠ ৱেব‌ইনাৰ ।

প্রধানমন্ত্রীগৰাকীয়ে কয়, এইবাৰৰ বাজেটে একবিংশ শতাব্দীত ভাৰতৰ উন্নয়নৰ গতি (গতশক্তি) নির্ধাৰণ কৰিছে । তেওঁ কয়, ‘আন্তঃগাঁথনি-ভিত্তিক উন্নয়ন’ৰ এই দিশটোৱে আমাৰ অর্থনীতিৰ শক্তিক অসাধাৰণভাৱে বৃদ্ধি কৰিব, কর্মসংস্থানৰ বহু নতুন সম্ভাৱনা তৈয়াৰ কৰিব ।

প্রধানমন্ত্রীয়ে, প্রকল্পসমূহ সম্পন্ন কৰাৰ পৰম্পৰাগত পদ্ধতিত ষ্টেকহোল্ডাৰসকলৰ মাজত সমন্বয়ৰ অভাৱৰ কথা দাঙি ধৰে । বিভিন্ন সংশ্লিষ্ট দপ্তৰৰ মাজত স্পষ্ট তথ্যৰ অভাৱৰ বাবে এনে হয় । তেওঁ লগতে কয়, “প্রধানমন্ত্রী গতিশক্তিৰ বাবে এতিয়া সকলোৱে সম্পূর্ণ তথ্যৰে তেওঁলোকৰ পৰিকল্পনা তৈয়াৰ কৰিব পাৰিব । ইয়াৰ ফলত দেশৰ সম্পদৰ সর্বোত্তম ব্যৱহাৰ সম্ভৱ হ’ব ।”

চৰকাৰে যি মাত্রাত আন্তঃগাথঁনি উন্নয়ন কৰিছে তাৰ ওপৰত গুৰুত্ব দি প্রধানমন্ত্রীয়ে গতিশক্তিৰ প্রয়োজনীয়তাৰ ওপৰত জোৰ দিয়ে । প্ৰধানমন্ত্ৰী মোদীয়ে জনায়, “২০১৩-১৪ৰ ভাৰত চৰকাৰৰ মূলধন ব্যয় আছিল প্রায় আঢ়ৈ লাখ কোটি টকা, যি ২০২২-২৩ত চাৰে সাত লাখ কোটি টকা হৈছে ।” তেওঁ লগতে কয়, “পৰিকাঠামো পৰিকল্পনা, বাস্তবায়িত আৰু তত্বাৱধানে পিএম গতি-শক্তিৰ পৰা নতুন দিশ পাব । ই প্রকল্পৰ সময় আৰু ব্যয়ো কমাব ।”

প্ৰধানমন্ত্ৰী মোদীয়ে কয়, “সমবায় ফেডাৰেলিজমৰ নীতি শক্তিশালী কৰিবৰ বাবে, আমাৰ চৰকাৰে চলিত বৰ্ষৰ বাজেটত ৰাজ্যসমূহক সহায় কৰিবৰ বাবে এক লাখ কোটি টকাৰ ব্যৱস্থা কৰিছে । ৰাজ্য চৰকাৰে মাল্টিমডেল পৰিকাঠামো আৰু অন্যান্য উৎপাদনশীল সম্পদত এই ধন ব্যৱহাৰ কৰিব পাৰে । তেওঁ দুর্গম পাহাৰীয়া অঞ্চলত যোগাযোগ উন্নত কৰিবৰ বাবে ৰাষ্ট্ৰীয় ৰোপৱে উন্নয়ন কাৰ্যসূচী আৰু এই ক্ষেত্ৰত প্রধানমন্ত্রীৰ উন্নয়ন পদক্ষেপ উত্তৰ-পূৱৰ (PM-DevINE) উল্লেখ কৰিছে । পিএলআই উদ্যোগৰ কথা উল্লেখ কৰি প্রধানমন্ত্রীয়ে দেশৰ আন্তঃগাথঁনিত বিনিয়োগ কৰিবৰ বাবে বেচৰকাৰী খণ্ডক আহ্বান জনাইছে ।

প্রধানমন্ত্রীগৰাকীয়ে জনায় যে পিএম গতি-শক্তি ৰাষ্ট্ৰীয় মহাপৰিকল্পনাযত, চাৰিশটাৰো অধিক ডেটা স্তৰ আছে, য’ত কেৱল বিদ্যমান আৰু প্রস্তাৱিত পৰিকাঠামোৱে নহয়, বনভূমি আৰু উপলব্ধ ঔদ্যোগিক এষ্টেট সম্পর্কেও তথ্য আছে । তেওঁ পৰামর্শ দিয়ে যে বেচৰকাৰী খণ্ড‌ই তেওঁলোকৰ পৰিকল্পনাৰ বাবে‌ ইয়াৰ অধিকতম ব্যৱহাৰ কৰা উচিত আৰু ৰাষ্ট্ৰীয় মহাপৰিকল্পনা সম্পর্কিত সমস্ত গুৰুত্বপূর্ণ তথ্য এতিয়া একক প্ল্যাটফর্মত উপলব্ধ ।

প্রধানমন্ত্রীয়ে কয়, গতি-শক্তিয়ে পৰিকাঠামো পৰিকল্পনাৰ পৰা উন্নয়ন আৰু ব্যৱহাৰৰ পর্যায়ত পৰিকাঠামো নির্মাণত প্রকৃত চৰকাৰী-বেচৰকাৰী অংশীদাৰিত্ব নিশ্চিত কৰিব । তেওঁ লগতে কয়, “এই ৱেব‌ইনাৰত, চৰকাৰী ব্যৱস্থাৰ সহযোগিতাত বেচৰকাৰী খণ্ড‌ই কেনেদৰে আৰু ভাল ফল লাভ কৰিব পাৰে সেই সম্পর্কেও চিন্তা-চৰ্চা কৰা উচিত ।”

Exit mobile version