বক্স অফিচত কম্পন ‘গংগুবাই কাথিয়াৱাড়ী’ৰ,প্রথম দিনতে ১০কোটিৰ ব্যৱসায়

Gangubai

নানা বিতর্ক, সমালােচনা আৰু একাধিক আইনী জটিলতাৰ পাছতাে শেহতীয়াকৈ দেশৰ চিত্ৰগৃহত মুক্তি লাভ কৰা ‘গংগুবাই কাথিয়াৱাড়ী’ ছবিখনে বক্স অফিচত আলােড়ন সৃষ্টি কৰিবলৈ সফল হ’ল।

ADVERTISEMENT

সঞ্জয় লীলা বঞ্চালীৰ দ্বাৰা পৰিচালিত ‘গংগুবাই কাথিয়াৱাড়ী’ ছবিৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে আলিয়া ভাটে।

বক্স অফিচত মুক্তিৰ দিনাই এইখন ছবিয়ে দেশজুৰি ১০.৫০ কোটি টকাৰ ব্যৱসায় কৰিবলৈ সফল হ’ল। একেদৰে দ্বিতীয়দিনা আলিয়া অভিনীত ছবিখনে পুনৰ ১৩ কোটি টকাৰ ব্যৱসায় কৰিলে।

ক’ভিডৰ দুর্দিনৰ মাজতাে ‘গংগুবাই কাথিয়াৱাড়ী’ ছবিখনে মাত্র দুদিনত বক্স অফিচত ২৩ কোটি ৫০ লাখ টকাৰ ব্যৱসায় কৰি এক আশাৰ সঞ্চাৰ কৰিছে।

চলচ্চিত্র বাণিজ্যিক বিশ্লেষক তৰণ আদর্শই প্রকাশ কৰা অনুসৰি অহা শনিবাৰৰ ভিতৰত ছবিখনে বক্স অফিচত ৪০ কোটি টকাৰ অধিক ব্যৱসায় কৰাৰ সম্ভাৱনা আছে।

Exit mobile version