ৰুছ আক্ৰমণৰ মাজতে সম্পন্ন বিবাহ :মধুচন্দ্ৰিকাৰ পৰিৱৰ্তে দম্পতীয়ে ল’লে এ কে ৪৭

Ukrainian couple 6219d9ee09641

বিবাহৰ পাছতে সৰহসংখ্যক দম্পতীয়ে হনীমুন অর্থাৎ মধুচন্দ্ৰিকাৰ আনন্দ গ্রহণ কৰে। কিন্তু বিবাহ সম্পন্ন হােৱাৰ পাছত মধুচন্দ্রিকাৰ পৰিৱর্তে হাতত আগ্নেয়াস্ত্র তুলি ল’লে ইউক্রেইনৰ সদ্য বিবাহিত এক দম্পতীয়ে।

য়াৰানা আৰু চাভিয়াটতচলাব নামৰ প্রেমিক যুগলে ৰাছিয়াৰ আক্ৰমণৰ মাজতে নিজৰ বিবাহ সম্পন্ন কৰিছিল।

কিন্তু বিবাহৰ পাছত য়ানা আৰু চাভিয়াটতচলাবে মধুচন্দ্রিকালৈ যােৱাৰ পৰিৱর্তে দুর্দিনত ইউক্রেইনক ৰক্ষা কৰিবলৈ হাতত এ কে ৪৭ বন্দুক তুলি ল’লে।

য়াৰানা আৰু চাভিয়াটতচলাবে ইতিমধ্যে এই আগ্নেয়াস্ত্র চালনাৰ প্রশিক্ষণ গ্রহণ কৰিছে। ৰুছ বাহিনীক বাধা দিবলৈ সদ্য বিবাহিত দম্পতীয়ে অলপতে ইউক্রেইনৰ সেনা বাহিনীত যােগদান কৰিছিল।

বিবাহ সম্পন্ন হােৱাৰ মাত্র ২৪ ঘণ্টাৰ পাছতে য়াৰানা আৰু চাভিয়াটতচলাবে এইদৰে দেশ ৰক্ষাৰ বাবে হাতত অস্ত্র তুলি সকলােকে দেশপ্রেমৰ বিৰল পাঠ দিলে।

Exit mobile version