পৰৱৰ্তী ২৪ ঘণ্টা তেওঁৰ দেশৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ। ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী বৰিছ জনছনৰ ওচৰত উদ্বেগ প্ৰকাশ কৰি জনালে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোদিমিৰ জেলেনস্কিয়ে ।
সোমবাৰে ১০ , ডাউনিং ষ্ট্ৰীটৰ মুখপাত্ৰই এক বিবৃতিত জনায় যে জনছনে ইউক্ৰেইনৰ সাম্প্ৰতিক পৰিস্থিতিৰ বিষয়ে জেলেনস্কিৰ পৰা তথ্য লাভ কৰিছে।
ব্ৰিটিছ প্ৰধানমন্ত্ৰীয়ে আশ্বাস দিছে যে তেওঁলোকে ইউক্ৰেইনৰ প্ৰতিৰক্ষা সুৰক্ষাৰ বাবে যিমান পাৰে সকলো কৰিব।
দেওবাৰে নিশা এক টেলিফোনিক বাৰ্তালাপত জনছনে কয় যে ব্ৰিটেইন আৰু ইয়াৰ চুবুৰীয়া দেশসমূহেও ইউক্ৰেইনক সহায় কৰিব।
দেওবাৰে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিয়ে ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰীৰ উপৰিও পোলেণ্ডৰ ৰাষ্ট্ৰপতি আন্দ্ৰে ডুডাৰ স’তেও কথা পাতিছিল। জেলেনস্কিয়ে কয় যে সোমবাৰে ইউক্ৰেইনৰ বাবে এটা অতি গুৰুত্বপূৰ্ণ দিন আছিল।