মহানগৰীত পদপথৰ ব্যৱসায়ক কেন্দ্ৰ কৰি বৃহৎ ছিণ্ডিকেট

CBE746F5 BEAD 4475 823E 91B6FE8273D7

পদপথকে জীৱন সংগ্ৰামৰ একমাত্র সাৰথি কৰি পৰিয়াল পােহপাল দিয়া একাংশ দৰিদ্ৰ লােকক কেন্দ্র কৰি মহানগৰীত আৰক্ষী, পৌৰ নিগমৰ কৰ্মচাৰীৰ পৃষ্ঠপােষকতাত গঢ় লৈ উঠিছে বৃহৎ ছিণ্ডিকেট।

পৌৰ নিগমৰ কোনাে পঞ্জীয়ন ব্যৱস্থা নথকাৰ ফলত মহানগৰীৰ বিভিন্ন প্রান্তত থকা পদপথৰ ব্যৱসায়ীসকলৰ পৰা একাংশই কিদৰে বলপূর্বক গুণ্ডাকৰ সংগ্ৰহ কৰি আহিছে, সেই ঘটনাই বহুবাৰ সংবাদ শিৰােনাম দখল কৰি আহিছে।

তৎসত্ত্বেও সংশ্লিষ্ট স্থানৰ গুণ্ডাবাহিনীক নিয়ন্ত্রণ কৰাত পৌৰ নিগমৰ লগতে আৰক্ষী চূড়ান্তভাৱে ব্যর্থ হােৱাৰ অভিযােগ উত্থাপন কৰিছে পদপথৰ ব্যৱসায়ীসকলে।

তাৰ মাজতে সোমবাৰে মহানগৰীৰ লাখটকীয়া অঞ্চলত তথা পুৰণা গল্ড চিনেমা তিনিআলিত স্থানীয় গুণ্ডাবাহিনীয়ে পদপথৰ ব্যৱসায়ীৰ পৰা বলপূর্বক গুণ্ডাকৰ সংগ্ৰহ কৰাৰ খবৰ পােহৰলৈ আহিছে।

গুণ্ডাকৰ দিবলৈ অমান্তি হােৱা এজন পদপথৰ ব্যৱসায়ীক কাইলৈ সংশ্লিষ্ট স্থান ত্যাগ কৰাৰাে ভাবুকি প্রদান কৰা হৈছে বুলি এক নিৰ্ভৰযােগ্য সূত্রই সদৰী কৰিছে।

উল্লেখ্য যে স্থানীয় প্রায় ১০ জনীয়া এটা যুৱকৰ দলে শেহতীয়াকৈ অঞ্চলটোত থকা। পদপথৰ ব্যৱসায়ীসকলক গুণ্ডাকৰ বিচাৰি একপ্রকাৰ সন্ত্রাস সৃষ্টি কৰি আহিছে।

ভুক্তভােগী ব্যৱসায়ীয়ে সদৰী কৰা অনুসৰি, জনৈক টিকু নামৰ গুণ্ডাজনৰ নেতৃত্বত পদপথৰ ব্যৱসায়ীসকলৰ পৰা দলটোৱে মাহিলি চাৰি-পাঁচ হেজাৰ টকাকৈ সংগ্রহ কৰি আহিছে।

দাবীকৃত গুণ্ডাকৰ দিয়াসকলক সংশ্লিষ্ট স্থানত ব্যৱসায় কৰিবলৈ দলটোৱে অনুমতি প্রদান কৰাৰ বিপৰীতে যিয়ে এই গুণ্ডাকৰ দিবলৈ অমান্তি হয়, সেই ব্যৱসায়ীক বলপূর্বক উচ্ছেদ কৰি সেই স্থানত অন্য ব্যৱসায়ীক বহুৱাই মাহিলি গুণ্ডাকৰ সংগ্ৰহ কৰে বুলি বিস্ফোৰক অভিযােগ উত্থাপন কৰিছে ভুক্তভােগী ব্যৱসায়ীসকলে।

এই সন্দৰ্ভত আজি পদপথ ব্যৱসায়ী সন্থাকো ভুক্তভােগী ব্যৱসায়ীসকলে অভিযােগ দাখিল কৰে। উল্লেখ্য যে দীর্ঘদিন ধৰি অঞ্চলটোত টিকু এণ্ড কোম্পানীয়ে পদপথৰ ব্যৱসায়ীসকলৰ মাজত একপ্রকাৰ সন্ত্রাস চলাই আহিছে যদিও পৌৰ নিগম কর্তৃপক্ষ আৰু আৰক্ষীয়ে চকু মুদা কুলিৰ ভাও ধৰি অহাৰ অভিযােগ উত্থাপন হৈছে।

গুণ্ডাবাহিনীৰ ছিণ্ডিকেটৰ ধনৰ ভাগ পৌৰ নিগমৰ একাংশ বিষয়া আৰু আৰক্ষীয়েও লাভ কৰে বুলি অভিযােগ উত্থাপন কৰিছে। ভুক্তভােগীয়ে।

ফলত যি সময়ত ৰাজ্যৰ সকলাে ছিণ্ডিকেট বন্ধ কৰিবলৈ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই প্ৰতিটো বিভাগক কঠোৰ নিদের্শ প্ৰেৰণ কৰিছে, সেই সময়ত স্বয়ং ৰাজধানী মহানগৰীতে একাংশ পৌৰ নিগম আৰু আৰক্ষী বিষয়াৰ পৃষ্ঠপােষকতাত টিকু এণ্ড কোম্পানীৰ দৰে গুণ্ডাবাহিনীয়ে বলপূর্বক ধন সংগ্রহ কৰি অহা ঘটনাত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ দাবী কৰিছে পদপথ ব্যৱসায়ী সন্থাই।

Exit mobile version