Ukraine-Russia Conflict : আৰু ২৪ ঘণ্টা ! শেষ হ’ব হাস্পাতালৰ অক্সিজেন সৰবৰাহ, ইউক্রেইনক লৈ উদ্বেগ প্রকাশ হু-ৰ

C27BI7HAHRKKTM5DDMAAQJWYBA

আৰু মাত্র ২৪ ঘণ্টা । তাৰ পাছতেই শেষ হ’ব ইউক্রেইনৰ সমস্ত হাস্পাতালৰ অক্সিজেন সৰবৰাহ । এই সতর্কবার্তা দিলে বিশ্ব স্বাস্থ্য সংস্থা (হু)ৱে । ইয়াৰ ফলত হাস্পাতালসমূহত গুৰুতৰ অৱস্থাত ভর্তি হেজাৰ হেজাৰ লোকৰ প্রাণ সংশয়ৰ শংকা হ’ব বুলিও বার্তা দিলে হু-ৱে ।

হু-ৰ ডিৰেক্টৰ জেনেৰেল টেড্রোছ ঘাব্রেয়েছাছ আৰু ইউৰোপৰ আঞ্চলিক ডিৰেক্টৰ হান্স ক্লুগে এটা যৌথ বিবৃতিত জনায়, ‘‘ইউক্রেইনত অক্সিজেন সৰবৰাহ পৰিস্থিতি খুবেই উদ্বেগজনক । অধিকাংশ হাস্পাতালতেই অহা ২৪ ঘণ্টাৰ ভিতৰত মজুত থকা অক্সিজেন শেষ হ’ব । কিছুসংখ্যক হাস্পাতালত ইতিমধ্যে অক্সিজেন শেষ হৈছেই । ইয়াৰ ফলত ভর্তি হেজাৰ হেজাৰ লোকৰ প্রাণৰ সংশয়ৰ শংকা হ’ব ।’’

ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদন অনুযায়ী, বিগত এমাহ ধৰি ইউক্রেইনত কৰ’না আক্রান্তৰ সংখ্যা উদ্বেগজনকভাৱে বাঢ়িছে । ইয়াৰ মাজতে অন্যান্য দুৰাৰোগ্য ব্যাধি আছেই । এনে পৰিস্থতিত ৰোগীসকলৰ প্রাণ বচাবলৈ মেডিকেল অক্সিজেনৰ ব্যশহাৰ অপৰিহার্য‌ । কিন্তু বিগত পাঁচ দিন ধৰি ৰাছিয়াৰ আঘাতত ইউক্রেইন বিপর্যস্ত । যুদ্ধৰ বাবে পথত নামিব পৰা নাই প্লান্টৰ পৰা হাস্পাতালত অক্সিজেন সৰবৰাহকাৰী ট্রাক । ফলত মেডিকেল অক্সিজেন সৰবৰাহৰ সমস্ত পথ বন্ধ ।

সম্প্ৰতি ইউক্রেইনত ১৭০০ জন কৰ’না আক্রান্ত হৈ হাস্পাতালত চিকিৎসাধীন হৈ আছে । ইয়াৰ উপৰি অন্যান্য মাৰণৰোগত আৰু ৰাছিয়াৰ আগ্রাসনত আহত হোৱা সেনাসকলো হাস্পাতালত ভর্তি হৈ আছে । এনে পৰিস্থিতিত ইউক্রেইনত মেডিকেল অক্সিজেনৰ চাহিদাও পূৰ্বৰ তুলনাত প্রায় ২৫ শতাংশ বাঢ়িছে ।

হু-ৱে জনাইছে যে, তেওঁলোকে ইতিমধ্যে যুদ্ধবিধ্বস্ত ইউক্রেইনত প্রতিবেশী পোলেণ্ড দেশৰ জৰিয়তে অধিক মাত্রাত মেডিকেল অক্সিজেন সৰবৰাহৰ উপায় বিচাৰিছে ।

তদুপৰি, বিদ্যুৎ আৰু পানী সৰবৰাহৰ নাটনিৰ বাবে মানুহে ব্যাপকভাৱে সমস্যাৰ সন্মুখীন হৈছে । লগতে প্রায় পাঁচ লাখ লোকে ইতিমধ্যে ইউক্রেইন ত্যাগ কৰিছে ।

Exit mobile version