অসমত ছমাহলৈ বৃদ্ধি আফস্পাৰ ম্যাদ

চৰকাৰৰ শান্তিৰ দাবী বিপৰীতে আইন-শৃংখলা পৰিস্থিতি উদ্বেগজনক

thequint 2021 12 f9e5e429 9842 47ff 8d14 ce7ef46d9285 nagaland

অসমৰ আইন-শৃংখলা পৰিস্থিতি উদ্বেগজনক হৈ থকাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যত বলবৎ হৈ থকা সশস্ত্ৰ বাহিনী (বিশেষ ক্ষমতা) আইন (আফস্পা)ৰ ম্যাদ যোৱা নিশাৰ পৰা কাৰ্যকৰী হোৱাকৈ পুনৰ ছমাহৰ বাবে বৃদ্ধি কৰা হৈছে । ৰাজ্যখনত উগ্ৰপন্থী সংগঠনৰ তৎপৰতা হৈ থকা বাবেই কেন্দ্ৰীয় চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰে । কালি ৰাজ্য চৰকাৰৰ পৰাও এই বিষয়ে এক বিবৃতিত এইদৰে কোৱা হয়, ‘অসমৰ যোৱা ছমাহৰ আইন-শৃংখলা পৰিস্থিতি পুনৰীক্ষণৰ পাছত সমগ্ৰ ৰাজ্যখনক পুনৰ ছমাহৰ বাবে অশান্ত অঞ্চল ঘোষণা কৰা হৈছে । ২৮ ফেব্ৰুৱাৰীৰ মাজনিশাৰ পৰা আগন্তুক ছমাহলৈ এই ঘোষণা বাহাল থাকিব । সশস্ত্ৰ বাহিনী (বিশেষ ক্ষমতা) আইন, ১৯৫৮ৰ তিনি নম্বৰ ধাৰা মতে ক্ষমতাৰ ভিত্তিত এই ঘোষণা কৰা হয় ।’

অসমৰ চৰকাৰৰ পৰা উগ্ৰপন্থী সমস্যাতকৈও বাংলাদেশৰ লগত থকা আন্তৰ্জাতিক সীমাৰ বিষয়তো অধিক স্পৰ্শকাতৰ বুলি আইনখনৰ বাহাল ৰখা-নৰখাৰ পৰ্যালোচনা পৰ্যায়ত যুক্তি দিয়া হৈছিল । অথচ অসমৰ উগ্ৰপন্থী সমস্যাতোৰ গভীৰতাৰ ভিত্তিত বিতৰ্কিত আইনখন ৰাজ্যখনত প্ৰয়োগ কৰা হৈছিল । সেয়েহে এইবাৰৰ পৰ্যালোচনাতো সেই দেশটোৰে পুনৰীক্ষণ কৰা হয় । অসমত উগ্ৰপন্থী সংগঠনৰ দ্বাৰা সদ্যহতে কোনো কূটাঘাত সংঘটিত হোৱা নাই; কিন্তু আলফা (স্বাধীন)কে ধৰি অসমৰ কে’বাটাও সংগঠনে ম্যানমাৰত বাহৰ পাতি ৰাজ্যখনৰ পৰিস্থিতি উদ্বেগজনক কৰি ৰাখিছে । তদুপৰি চুবুৰীয়া ৰাজ্য নাগালেণ্ডৰ উগ্ৰপন্থী সংগঠনেও অসমৰ ঠাই বিশেষে উপদ্ৰৱ চলাই আহিছে ।

ইপিনে, আলোচনাৰ প্ৰক্ৰিয়া চলি থকাৰ মাজতো আলফা (স্বা)ত সদস্য ভৰ্তি অব্যাহত আছে । এনেদৰে উগ্ৰপন্থী সংগঠনৰ প্ৰভাৱ ৰাজ্যখনত বাহাল আছে । তাৰ বিপৰীতে অসমত শান্তি স্থাপনৰ দাবী কৰি আহিছে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে । উত্তৰ-পূৰ্বাঞ্চলৰ অন্যান্য ৰাজ্যৰ লগতে সমগ্ৰ এই আইনক ক’লা আইন আখ্যা দি ইয়াৰ প্ৰত্যাহাৰৰ দাবী উত্থাপিত হৈ আহিছে যদিও সেইবোৰলৈ কোনো এখন চৰকাৰেই কাণষাৰ কৰা নাই । এই সিদ্ধান্ত‌ই ৰাজ্যখনত শান্তি বিৰাজ কৰা বুলি চৰকাৰে কৰি অহা দাবীৰ অন্তঃসাৰশূন্যতাকে প্ৰমাণ কৰিলে ।

Exit mobile version