যোৱা ফেব্ৰুৱাৰীত ভাৰত চৰকাৰে মুঠ ১,৩৩,০২৬ কোটি টকাৰ সামগ্ৰী আৰু সেৱাকৰ (জি এছ টি) লাভ কৰিলে । এবছৰ পূৰ্বৰ ফেব্ৰুৱাৰীৰ তুলনাত চলিত বৰ্ষৰ ফেব্ৰুৱাৰীত দেশৰ জি এছ টি সংগ্ৰহৰ পৰিমাণ ১৮ শতাংশ বৃদ্ধি পালে । অৱশ্যে দৈনিক সংগ্ৰহৰ হিচাপত জানুৱাৰীৰ তুলনাত ফেব্ৰুৱাৰীত জি এছ টি সংগ্ৰহৰ পৰিমাণ অধিক হ’ব কিয়নো ফেব্ৰুৱাৰী ২৮ দিনীয়া হোৱাৰ বিপৰীতে জানুৱাৰীত ৩১ দিনীয়া মাহ আছিল ।
জানুৱাৰীত দৈনিক ৪,৪৬৪.৩২ কোটি টকা জি এছ টি সংগ্ৰহৰ বিপৰীতে ফেব্ৰুৱাৰীত ই দৈনিক ৪,৭৫০.৯২ কোটি টকালৈ বৃদ্ধি পালে । ২০১৭ৰ জুলাইৰ পাছত একেৰাহে পঞ্চমবাৰ দেশৰ জি এছ টি সংগ্ৰহৰ পৰিমাণ ১.৩০ লাখ কোটি টকাৰ অধিক হ’ল ।
যোৱা জানুৱাৰীত দেশত ১৩৮,৩৯৪ কোটি টকাৰ জি এছ টি সংগ্ৰহ কৰা হৈছিল । ২০২১ৰ ডিচেম্বৰত সংগ্ৰহ কৰা জি এছ টিৰ পৰিমাণ আছিল ১,২৯,৭৮০ কোটি টকা ।