বোকাজানৰ খটখটীত নিচাযুক্ত অবৈধ ঔষধ জব্দ, এজনক আটক

বোকাজানৰ খটখটী আৰক্ষীয়ে এক বিশেষ সূত্ৰৰ ভিত্তিত খটখটী ষ্টেট বেংকৰ সন্মুখৰ ৩৯ নং ৰাষ্ট্ৰীয় ঘানপথত তালাচী চলাই এখন বাছৰ পৰা বৃহৎ সংখ্যক অবৈধ ঔষধ জব্দ কৰাৰ লগতে এজন যুৱকক আটক কৰে ৷

ডিমাপুৰৰ পৰা অহা এ.এছ ০৩বিচি ৬১৯৫ নম্বৰৰ বাছখনত অহা এজন যাত্ৰীয়ে এনকড চিএম নামৰ ৯৯ বটল কাঁহৰ দৰৱ আৰু১৪৪০টা ট্ৰামাডল হাইড্ৰক্লৰাইড কেপচুল কঢ়িয়াই আনিছিল ৷

সূত্ৰ অনুসৰি, দুয়োটা ঔষধেই ড্ৰাগছ আসক্তসকলে ব্যৱহাৰ কৰে ৷ আৰক্ষীয়ে যাত্ৰী হিচাপে অহা মেৰাপানী দয়ালপুৰৰ য়েপথ’ চুমি নামৰ যুৱকজনক আটক কৰি সোধা-পোছা অব্যাহত ৰাখিছে ৷

Exit mobile version