Russia-Ukraine War : খাৰকিভৰ হাস্পাতালত বোমাবর্ষণ ৰুছ পেৰাট্রুপৰ ! নিশাই দখল কৰিব নেকি কিভ ?

download 1

ৰুছ সেনাৰ লক্ষ্য এইবাৰ ইউক্রেইনৰ চৰকাৰী প্রতিষ্ঠান । মঙলবাৰে খাৰকিভত গভর্নৰ হাউচত ক্ষেপণাস্ত্র আক্ৰমণৰ পাছত বুধবাৰে পুনৰ আক্রমণ হ’ল । ইয়াৰ উপৰি ৰুছ পেৰাট্রুপাৰসকলে খাৰকিভৰ হাস্পাতালতো আক্ৰমণ কৰে । ইউক্রেইন সেনাৰ তৰফৰ পৰা দাবী কৰা হৈছে, ৰুছ পেৰাট্রুপাৰসকলে খাৰকিভ অঞ্চলত বিস্ফোৰণ ঘটায় ।

ইয়াৰ পাছতে তেওঁলোকে আক্ৰমণ চলায় হাস্পাতালত । ইয়াৰ প্ৰত্যুত্তৰ দিয়ে ইউক্রেইন সেনাই । অৱশ্যে এই ঘটনাত হতাহতৰ কোনো খবৰ পোৱা নাই ।

দক্ষিণ ইউক্রেইনৰ চহৰ খেৰছনৰ প্রায় সম্পূৰ্ণ ৰাছিয়াই দখল কৰিছে বুলি সংবাদ সংস্থা সূত্রে খবৰ । নিশাৰ ভিতৰতে কিভো দখল কৰিব পাৰে ৰুছ সেনাই । ইউক্রেইন প্রশাসনৰ তৰফৰ পৰা এই বিষয়ত চৰকাৰীভাৱে কোনো বিবৃতি দিয়া নাই ।

Exit mobile version