কৰ’নাত অনাথ হোৱা শিশুক বিনামূলীয়া শিক্ষাদান কৰিব কেন্দ্ৰীয় বিদ্যালয়ে

KCS1646020963060

কৰ’না সংক্রমণৰ ফলত পিতৃ-মাতৃ উভয়কে হেৰুৱাই অনাথ হোৱা শিশুসকলক বিনামূলীয়া শিক্ষাদানৰ ব্যৱস্থা গ্ৰহণ কৰিব কেন্দ্ৰীয় বিদ্যালয় সংগঠন (কে ভি এছ)-এ ।

এই সন্দৰ্ভত দেশৰ সকলো কেন্দ্ৰীয় বিদ্যালয়ৰ অধ্যক্ষলৈ নিৰ্দেশনা প্ৰেৰণ কৰি কে ভি এছে কৈছে যে কৰ’নাত অনাথ হোৱা শিশুসকলক কেন্দ্ৰীয় বিদ্যালয়ত প্ৰথমৰ পৰা দ্বাদশ শ্ৰেণীলৈকে বিনামূলীয়াকৈ শিক্ষাগ্ৰহণৰ সুবিধা প্ৰদান কৰা হ’ব ।

অনাথ ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তি প্ৰধানমন্ত্ৰী কেয়াৰ ফৰ চিলড্ৰেন আঁচনিৰ অধীনত কৰা হ’ব । এখন বিদ্যালয়ৰ প্ৰতিটো শ্ৰেনীত দুজনকৈ ক’ভিডত অনাথ শিশুক বিনামূল্যে নামভৰ্তিৰ সুবিধা দিয়া হ’ব ।

Exit mobile version