দেৰগাঁৱত ৰাইজৰ দলৰ বিশাল ৰেলী

সমগ্ৰ ৰাজ্যৰ সমান্তৰালভাৱে দেৰগাঁৱতো তীব্ৰতৰ হৈছে নিৰ্বাচনী প্ৰচাৰ । দেৰগাঁৱত পৌৰসভা নিৰ্বাচনৰ একমাত্ৰ ৰাইজৰ দলৰ প্ৰাৰ্থী তথা ৭ নং ৱাৰ্ডৰ ৰাইজৰ দলৰ প্ৰাৰ্থী অপৰাজিতা দাসে তীব্ৰতৰ কৰি তুলিছে প্ৰচাৰ অভিযান ।

আজি অপৰাজিতা দাসৰ হৈ এক বিশাল ৰেলীয়ে নিৰ্বাচনী ৰণডংকা বজাই । উপস্থিত থাকে ৰাইজৰ দলৰ কেন্দ্ৰীয় উপ-সভাপতি দিব্যজ্যোতি শৰ্মা, কেন্দ্ৰীয় সম্পাদক প্ৰবীণ দাস, ৰাইজৰ দলৰ দেৰগাঁও সমষ্টিৰ সম্পাদক সঞ্জীৱ বৰা, যোৰহাট জিলাৰ সম্পাদক সূৰ্য্যমোহন দাসকে আদি কৰি কে’বাজনো ৰাইজৰ দলৰ নেতা-কৰ্মী ।

Exit mobile version