বগৰী খেতি কৰি স্বাৱলম্বী কাছুকাটা গাঁৱৰ বকুল হুচেইন মণ্ডল

বছৰি এক লাখৰ পৰা ডেৰলাখ টকা উপাৰ্জন

যি সময়ত একাংশ‌ই চৰকাৰী চাকৰিৰ পিছত দৌৰি হতাশাত ভুগিবলগীয়া হৈছে সেইসময়ত এজন যুৱকে বগৰী খেতিৰে স্বাৱলম্বীতাৰ এক সুন্দৰ নিদৰ্শন দাঙি ধৰিছে ।

যুৱকজনৰ নাম বকুল হুছেইন মণ্ডল । কোকৰাঝাৰ জিলাৰ ভাওৰাগুৰি ৰাজহ চক্ৰৰ অধীনস্থ কাছুকাটা গাঁৱৰ নিৱাসী বকুলে উন্নত জাতৰ বগৰী খেতিৰে উলিয়াইছে জীৱিকাৰ সুন্দৰ পথ ।

আজি বকুলে সংবাদমাধ্যমৰ আগত জনোৱা মতে, পশ্চিম বংগৰ পৰা আপেল কুল, সুন্দৰী কুল প্ৰজাতিৰ বগৰীৰ সঁচ আনি পৰীক্ষামূলকভাৱে এবিঘা মাটিত ৰোপণ কৰে ৷ এবিঘা মাটিত ৰোপণ কৰা বগৰী খেতিয়ে সময়ত ভাল ফলাফল দেখুওৱাত তেওঁৰ মনত উৎসাহ বাঢ়ে আৰু মুঠ দুবিঘা মাটিত বগৰী খেতি কৰিবলৈ স্থিৰ কৰে ।

বকুলে আৰু জানিবলৈ দিয়া মতে, মাত্ৰ আঠ মাহতে বগৰীবোৰ ফলিয়াই ৷ পূৰঠ হ’লে সুস্বাদু মিঠা বগৰীবোৰ তেওঁ কোকৰাঝাৰ, গোসাইগাঁৱ, চৌতাৰা, ফকিৰাগ্ৰাম, দোতমা আদি বিভিন্ন বজাৰত বিক্ৰী কৰে ৷ সকলোবোৰ খা-খৰচ বাদ দি বছৰত অতি কমেও ডেৰ দুই লাখ টকা লাভৰ মুখ দেখিবলৈ সক্ষম হৈছে বকুল ৷

উল্লেখযোগ্য যে, কেৱল বকুলেই নহয় কাছকটা গাঁৱৰ প্ৰায় ২০টা পৰিয়ালে বৰ্তমান লাভজনক বগৰী খেতি কৰি উপাৰ্জনৰ পথ উলিয়াই লৈছে ।

Exit mobile version