ভৱানীপুৰত আৰক্ষীয়ে উদ্ধাৰ কৰিলে ভি আই পি বাহনত চুৰি গৰু

বৰ্তমান যুগৰ লগতে সমাজত সংঘটিত চুৰিকাণ্ডটো আধুনিকতা দেখিবলৈ পোৱা যায় । যিটো সময়ত সৰ্বসাধাৰণ লোকে ভি আই পি বাহনত উঠিবলৈ নাপায়, সেই সময়ত গৰু চোৰে ভি আই পি বাহন ব্যৱহাৰ কৰি চুৰি গৰু উঠাই নিয়াতো তাৎপৰ্যপূৰ্ণ বিষয় হৈ পৰিছে ।

তেনে ঘটনা সংঘটিত হৈছে ভৱানীপুৰত যোৱা নিশা ।যোৱা নিশা প্ৰায় দুই বজাত ভৱানীপুৰ আৰক্ষী চকীৰ তহলদাৰী আৰক্ষীৰ দল এটাই পূৱ নহাটী গাঁৱত পথেৰে চলন্ত নীলা ৰঙৰ নম্বৰ প্লেটবিহীন চাৰিচকীয়া “নিয়ছ” বাহন এখনক ৰখিবলৈ সংকেট দিয়ে । কিন্তু দ্ৰুতবেগী বাহনখনে আৰক্ষীৰ সংকেট অমান্য কৰি উধাও হোৱাত ভৱানীপুৰ আৰক্ষী চকীৰ সহকাৰী উপ পৰিদৰ্শক কিশোৰ কুমাৰে শৰ্মাৰ নেতৃত্বত আৰক্ষীৰ দলটোৱে চলন্ত বাহনখনক খেদি যায় ।

আৰক্ষীৰ খেদাত প্ৰায় ছয় কিলোমিটাৰ দূৰত দাতিৰবৰী গাঁৱত এটা পৰিয়ালৰ বাসগৃহৰ ওচৰত পথৰ ওপৰতেই চাৰিচকীয়া বাহনখন থৈ চালকসহ অন্যান্যসকল পলায়ন কৰে । আৰক্ষীয়ে বাহনৰ লগতে বাহনখনৰ ভিতৰত পিছৰ ছিটত বগা কজলা ৰঙৰ বলধ গৰু এটা উদ্ধাৰ কৰে ।

চাৰিচকীয়া বাহনখনৰ ভিতৰত থকা গৰুটো চুৰি গৰু বুলি নিশ্চিত কৰিছে আৰক্ষীয়ে । আৰক্ষীয়ে গৰুসহ নম্বৰ প্লেটবিহীন চাৰিচকীয়া বাহনখন জব্দ কৰিছে ।লগতে ঘটনাৰ স’তে জড়িত অপৰাধীক কৰায়ত্ত কৰাৰ বাবে তদন্ত অব্যাহত ৰাখিছে ।

Exit mobile version