Russia Ukraine Conflict : যুদ্ধবিধ্বস্ত ইউক্রেইনত সাহায্য পঠালে ভাৰতে

WhatsApp Image 2022 03 02 at 9.32.55 AM 1646194088907 1646194093949

যুদ্ধবিধ্বস্ত ইউক্রেইনৰ পৰা ভাৰতীয়সকলক উদ্ধাৰ কৰা হৈছে । “অপাৰেছন গংগা”ত উভতাই অনা হৈছে তেওঁলোকক । লগতে ভাৰতীয়সকলক নিৰাপদে উভতাই আনিবলৈ বুধবাৰে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ স’তে বৈঠকতো মিলিত হৈছে প্রধানমন্ত্রী নৰেন্দ্র মোদী । ইপিনে, যুদ্ধবিধ্বস্ত ইউক্রেইনক সাহায্য পঠাইছে ভাৰতে ।

ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন বাহিনীৰ তৰফৰ পৰা ব্লেংকেট, দলিচা, ছোলাৰ ষ্টাডি লেম্প পঠোৱা হৈছে । বুধবাৰে পুৱা পোলেণ্ড উদ্দেশ্যি ৰাওনা হোৱা এখন বিমানত সামগ্রীসমূহ পঠোৱা হৈছে । পাছত সন্ধিয়া ৰোমানিয়া উদ্দেশ্যি যোৱা ভাৰতীয় বায়ুসেনাৰ এখন বিমানতো সহায্য পঠোৱা হৈছে । জনাইছে গৃহ মন্ত্রণালয়ে ।

ইপিনে, বুধবাৰে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ স’তে আলোচনাত মিলিত হয় প্ৰধানমন্ত্ৰী মোদী । সামগ্রিক পৰিস্থিতি সন্দৰ্ভত কয় উভয়ে । লগতে ভাৰতীয়সকলক নিৰাপদে উদ্ধাৰ কৰাৰ বিষয়তো তেওঁলোকৰ আলোচনা হয় ।

পাছত পিএমঅ’-ৰ তৰফৰ পৰা জনোৱা হয়, উভয়ে ইউক্রেইনৰ পৰিস্থিতি সন্দৰ্ভত আলোচনা কৰিছে । মূলতঃ খাৰকিভ চহৰক লৈ আলোচনা হয় । কাৰণ, তাত এতিয়াও বহু ভালতীয় শিক্ষাৰ্থী আবদ্ধ হৈ আছে । তেওঁলোকক কেনেদৰে নিৰাপদে উলিয়াই আনিব পৰা যায় সেই সন্দৰ্ভত আলোচনা হয় ।

বুধবাৰে বৈদেশিক মন্ত্রণালয়ৰ তৰফৰ পৰা জনোৱা হৈছে, কিভত ভাৰতীয় দূতাবাসৰ তৰফৰ পৰা প্রথম নির্দেশনা জাৰিৰ পাছত ইউক্রেইনৰ সীমান্ত ত্যাগ কৰিছে প্রায় ১৭ হেজাৰ ভাৰতীয়‌ই । অহা ২৪ ঘণ্টাত আৰু ১৫খন বিমানৰ ব্যৱস্থা কৰা হৈছে । বিভিন্ন দেশৰ ৰাষ্ট্রনেতাৰ স’তে আলোচনা কৰিছে প্রধানমন্ত্রীয়ে আৰু ইউক্রেইনৰ পৰিস্থিতি সন্দৰ্ভত উদ্বেগ প্রকাশ কৰিছে ।

তৃতীয় বিশ্বযুদ্ধ হ’লে‌ ই পৰিণত হ’ব পাৰে পাৰমাণৱিক যুদ্ধত । যি আৰু ধ্বংসাত্মক হ’ব ! ইউক্রেইন-যুদ্ধৰ পৰিস্থিতিত এই সকীয়নি দিলে ৰাছিয়াৰ বৈদেশিক মন্ত্রী ছের্গেই লাভৰভে ! ইপিনে, ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত ৰাছিয়াৰ বিৰুদ্ধে অনা নিন্দা প্রস্তাৱৰ পক্ষত ১৪১টা ভোট পৰে । বিপক্ষত ভোট পৰিছে পাঁচটা । ভোটদানৰ পৰা বিৰত থাকে ভাৰত ।

ৰাছিয়াৰ আগ্রাসনত বিধ্বস্ত ইউক্রেইন । ক্রমশ বাঢ়িছে প্রাণহানি ! মহা বিপদৰ সন্মুখীন ভাৰতীয় শিক্ষাৰ্থী ! এই যুদ্ধ কেতিয়া বন্ধ হ’ব কোনেও নাজানে ।

Exit mobile version