পুটিনৰ গ্ৰেপ্তাৰ-মূৰৰ বিনিময়ত ৰুছ ব্যৱসায়ীয়ে দিব ৭.৫ কোটি টকাৰ পুৰস্কাৰ

1064186 reward

ইউক্ৰেইনৰ বিৰুদ্ধে যুদ্ধৰ নিৰ্দেশ দিয়া ৰাছিয়াৰ ৰাষ্ট্ৰপতিৰ ভ্লাদিমিৰ পুটিনৰ মস্তিষ্কৰ বিনিময়ত ৭.৫ কোটি টকা উপহাৰ প্ৰদানৰ কথা ঘোষণা কৰিলে এলেক্স ক’নানিখিন নামৰ এজন ৰুছ উদ্যোগপতিয়ে ।

নিজকে ব্যৱসায়ী বুলি পৰিচয় দিয়া এলেক্সে সামাজিক মাধ্যমত ঘোষণা কৰা অনুসৰি কোনো ব্যক্তিয়ে পুটিনক গ্ৰেপ্তাৰ কৰিলে অথবা শিৰচ্ছেদ কৰিব পাৰিলে সেই ব্যক্তিক ৭.৫ কোটি টকাৰ পুৰস্কাৰ প্ৰদান কৰা হ’ব ।

‘ম‌ই প্ৰতিশ্ৰুতি দি ক‌ওঁ যে যি ব্যক্তিয়ে নিজৰ সাংবিধানিক কৰ্তব্য পালন কৰিব আৰু পুটিনক এজন যুদ্ধ অপৰাধী হিচাপে ৰুছ আৰু আন্তঃৰাষ্ট্ৰীয় আইনৰ অধীনত গ্ৰেপ্তাৰ কৰিব, তেওঁক ম‌ই ১,০০০,০০০ ডলাৰ উপহাৰ দিম । পুটিনক জীৱন্তে অথবা মৃত অৱস্থাত আজি কৰাব পাৰিলে সেই ব্যক্তিক পুৰস্কৃত কৰা হ’ব ।’ এলেক্সে এইদৰে ঘোষণা কৰে ।

Exit mobile version