Furry Snake : দেখাত প্ৰায় ড্রেগনৰ দৰে, ধৰা পৰিল নোমাল সাপ ! চাওক ভিডিঅ’

1646390815 green snake

পৃথিৱীত হেজাৰ প্রজাতিৰ সাপ আছে । কিন্তু সম্প্রতি এনে এটা প্ৰজাতিৰ সাপৰ সন্ধান পোৱা গৈছে যাৰ স’তে অন্য সাপৰ কোনো মিল নাই । এইটো নোমাল সাপ !

হয়, নোমাল সাপ । এই বৈশিষ্ট্যই এই সাপক অন্যান্য সাপতকৈ পৃথক কৰিছে । যোৱা ২৬ ফেব্রুৱাৰীত থাইলেণ্ডৰ ছাখোন নাখোন প্রদেশত দুই ফুটৰ এই অদ্ভুত সাপটোক এটা জলাশয়ত দেখে এজন লোকে ।

প্রথমে ধৰিব‌ই পৰা নাছিল যে এইটো এটা সাপ । কিয়নো, সাপৰ গোটেই শৰীৰটোৱে সেউজীয়া ৰঙৰ নোমেৰে ঢকা । লোকজনে সাপটো ঘৰত লৈ আহে । এটা পাত্রত ৰাখে । তাৰ পাছত বন্যপ্রাণী বিশেষজ্ঞক খবৰ দিয়ে ।

অৱশ্যে বহুতৰ দাবী, এইটো সাধাৰণ সাপ । দীর্ঘদিন ধৰি শেলুৱৈ ভর্তি জলাশয়ত থকাৰ বাবে সাপৰ শৰীৰতো এই শেলুৱৈ ধৰি গৈছে । সেয়ে সাপটোক দেখাত অদ্ভুত লাগিছে ।

Exit mobile version