পুনৰ সাময়িক যুদ্ধবিৰতি ঘোষণা কৰা হ’ল মাৰিউপোলত । স্থানীয় বাসিন্দাসকলক উদ্ধাৰত আগন্তুক ন ঘণ্টাৰ বাবে ক্ষেপণাস্ত্র আক্ৰমণ বন্ধ ৰখাৰ সিদ্ধান্ত লৈছে ৰুছ সেনাই । দেওবাৰে ভাৰতীয় সময় বিয়লি তিনি বজাত এই কথা জনোৱা হয় ইউক্রেইনৰ এই গুৰুত্বপূর্ণ বন্দৰ চহৰ কর্তৃপক্ষৰ তৰফৰ পৰা ।
আজভ সাগৰৰ পাৰত মাৰিউপোল চহৰৰ প্রশাসনৰ তৰফৰ পৰা জাৰি কৰা বিবৃতিতে কোৱা হৈছে, ‘আমি ইয়াৰ মানুহখিনিয়ে কোনো নিৰাপদ স্থানত গৈ আশ্রয় লোৱাটো বিচাৰো । এই সন্দৰ্ভত ৰাছিয়াৰ সেনাবাহিনীৰ স’তে আলোচনা এতিয়াও জাৰি আছে ।’ লগতে জনোৱা হয়, স্থানীয় সময় বিয়লি ১২ বজাৰ (ভাৰতীয় সময় তিনি বাজি ৩০ মিনিট) পৰা নাগৰিকসকলৰ উদ্ধাৰ কাৰ্য পুনৰ আৰম্ভ কৰাৰ সিদ্ধান্ত লোৱা হৈছে । এই উদ্ধাৰকাৰ্য নিশা ন বজা পর্যন্ত অব্যাহত থাকিব ।
শনিবাৰেও সাময়িক যুদ্ধবিৰতি ঘোষণা কৰিছিল ৰাছিয়াই । তাৰ কিছু ঘণ্টা পাছতেই ইউক্রেইনৰ ভল’দিমিৰ জেলেনস্কি চৰকাৰে দাবী কৰিছিল, ৰুছ সেনাই চুক্তি ভংগ কৰিছে । সাময়িক যুদ্ধবিৰতিৰ মাজতেই মাৰিউপোলত একেৰাহে বোমা বর্ষণ কৰিছে তেওঁলোকে । ফলত স্থানীয় নাগৰিকসকলৰ উদ্ধাৰকাৰ্য ব্যাহত হৈছিল । ৰাছিয়াই দাবী কৰিছিল, ইউক্রেইনীয় সেনাইও বোমা বর্ষণ কৰিছে ।






























