ঝাৰখণ্ডত নিবনুৱাৰ হাৰ ১৭.১৩ শতাংশলৈ বৃদ্ধি

Unemployment

ঝাৰখণ্ডত নিবনুৱাৰ সংখ্যা শেহতীয়াভাৱে যথেষ্ট বৃদ্ধি পাইছে। পৰিসংখ্যা অনুসৰি সম্প্রতি ৰাজ্যখনৰ নিবনুৱাৰ হাৰ হৈছে ১৭.১৩ শতাংশ।

নিবনুৱাৰ সংখ্যাৰে সম্প্রতি ঝাৰখণ্ড দেশৰ তৃতীয় স্থানত আছে। অর্থাৎ এইখন ৰাজ্যত দেশৰ তৃতীয় সর্বাধিক কর্মহীন লােক আছে।

ডিচেম্বৰ ২০২১ত ৰাজ্যখনত নিবনুৱাৰ হাৰ আছিল ১৭.৩ শতাংশ আৰু সম্প্রতি ১৭.১৩ শতাংশলৈ নিবনুৱাৰ হাৰ বৃদ্ধি পাইছে। ৰাজ্যখনৰ কৃষিখণ্ডত নিবনুৱাৰ হাৰ সর্বাধিক ২৬.০৪ শতাংশ হৈছে।

কৰ’নাৰ সংক্ৰমণৰ ফলত ঝাৰখণ্ডত বিগত দুবছৰত নিযুক্তি হ্রাস পাইছে আৰু একে সময়তে ৰাজ্যখনত কর্মহীন লােকৰ সংখ্যা ঊর্ধ্বমুখী হ’বলৈ ধৰিছে।২০১৯-২০ বিত্তীয় বৰ্ষত ৰাজ্যখনত ১৩,৬৬৭ জন নিবনুৱাই কর্মসংস্থাপন লাভ কৰিছিল।

একেদৰে ২০২০-২১ত ২,৫০৪ জন আৰু ২০২১-২২ বিত্তীয় বৰ্ষত ২,১১৯ জন নিবনুৱাই ৰাজ্যখনত সংস্থাপন লাভ কৰে।

Exit mobile version