মাজুলী বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচন শান্তিপূৰ্ণভাৱে সম্পন্ন

সোমবাৰে ৯৯ নং মাজুলী বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচন । পুৱা সাত বজাৰ পৰা সমষ্টিটোত ভোটগ্ৰহণ আৰম্ভ হয় ।

উল্লেখ্য যে, দেৰগাঁও আৰু খুমটাই সমষ্টিৰ গাতে লাগি আছে মাজুলী ভূ-খণ্ডৰ পৰা পৃথক মাজুলী সমষ্টিৰ এক বৃহৎ অঞ্চল দক্ষিন আঁহতগুৰিৰ গাঁও পঞ্চায়তৰ এই অঞ্চলটোতো পুৱাৰে পৰা ভোটদান আৰম্ভ হৈছে । বান-খহনীয়াগ্ৰস্ত অঞ্চলটোত ভোটদান হৈ আছে যদিও ভোটাৰ ৰাইজৰ মাজত বিশেষ উৎসাহ দেখা পোৱা নাই ।

এই অঞ্চল কেইটাত যোগাযোগ ব্যৱস্থা অতি শোচনীয়।যাৰ বাবে জীয়াতু ভুগিবলগীয়া হয় এই বৃহত্তৰ অঞ্চলটোৰ ৰাইজে । প্ৰতি বছৰেই গৰাখহনীয়াই সৰ্বশ্ৰান্ত কৰি আহিছে এই বৃহত্তৰ অঞ্চলটোৰ ৰাইজক । দক্ষিণ আহঁতগুৰি গাঁও পঞ্চায়তৰ অন্তৰ্গত মুঠ ছটাকৈ ভোটগ্ৰহণ কেন্দ্ৰৰ চৰাইচাপৰি, শ’লমাৰী, ধোদাং ৰৌমৰা আৰু উজীৰ আটিৰ ভোটকেন্দ্ৰত শান্তিপূৰ্ণভাৱেই অনুষ্ঠিত হয় এই ভোটগ্ৰহণ ।

আনহাতে, সোমবাৰৰ এই ভোটগ্ৰহণত ভোটাৰ ৰাইজৰ মাজত ভোটদানৰ ক্ষেত্ৰত অনীহা হোৱা পৰিলক্ষিত হয় । ৰাইজৰ মত, এনে এগৰাকী প্ৰাৰ্থীক ৰাইজে নিৰ্বাচিত কৰিব যিজন প্ৰতিনিধিয়ে বৃহত্তৰ অঞ্চলটোৰ জ্বলন্ত সমস্যাবোৰ সমাধানৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰিব ।

Exit mobile version