উলহ মালহেৰে সামৰণি পৰিল বাগসা জিলা সাহিত্য সভাৰ বাৰাপেটা অধিৱেশন

667682f0 7fe0 4633 9583 fdda01410a5e

বাগসা জিলাৰ শালবাৰী মহকুমাৰ অন্তৰ্গত খাৰিজা বিজনী মৌজাৰ বাৰাপেটাত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত বাগসা জিলা সাহিত্য সভাৰ নৱম দ্বি বাৰ্ষিক অধিৱেশখন সোমবাৰে নিশা সাংস্কৃতিক সন্ধিয়াৰে সফল সামৰণি পৰে।

এই উপলক্ষে সোমবাৰে সাংস্কৃতিক শোভাযাত্ৰাৰ পাছত অনুষ্ঠিত মুকলি সভাত স্মৃতিগ্ৰন্থ বাক্সাজ্যোতি আদিকে কৰি মুঠ ১৯ খন গ্ৰন্থ উন্মোচন কৰা হয়।

বাগসা জিলা সাহিত্য সভাৰ নৱ নিৰ্বাচিত সভাপতি কামদেৱ দাসৰ সভাপতিত্বত অনুষ্ঠিত আৰু বাগসা জিলা সাহিত্য সভাৰ বিদায়ী সভাপতি মাধৱ চন্দ্র কলিতাই উদ্বোধন কৰা সভাত শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ প্ৰাক্তন উপ-সভাপতি বিশিষ্ট সাহিত্যিক ড০ সূৰ্য হাজৰিকাই বিশিষ্ট অতিথি হিচাপে অংশগ্রহণ কৰা সভাত বৰপেটাৰোড , হাউলী মহাবিদ্যালয়ৰ অধ্যপক ড০ চুলতান আলী আহমেদে নিৰ্দিষ্ট বক্তা হিচাপে অংশগ্রহণ কৰি অসমীয়া ভাষাৰ সংস্কৃতিৰ এক সুন্দৰ ব্যখ্যা প্ৰদান কৰে।

আদৰণি সমিতিৰ সভাপতি তথা বিটিআৰৰ কাৰ্যবাহী সদস্য গৌতম দাসে আদৰণি ভাষণ প্ৰদান কৰা সভাত অসম সাহিত্য সভাৰ নামনি অসমৰ সাংগঠনিক সম্পাদক গোবিন্দ কলিতা, অসম সাহিত্য সভাৰ আঞ্চলিক সম্পাদক দামোদৰ তালুকদাৰ, অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সদস্য হেমন্ত দাস, গোবিন্দ তালুকদাৰ, অসম সাহিত্য সভাৰ প্ৰাক্তন আঞ্চলিক সম্পাদক গণেশ চন্দ্র নাথ, বৰপেটাৰোড সাহিত্য সভাৰ সভাপতি হিতেশ দাস, অৱসৰপ্ৰাপ্ত আইএছ বিষয়া দলবাহাদুৰ চেত্ৰী,বিশিষ্ট চিত্ৰ শিল্পী হৰিপ্ৰসাদ তালুকদাৰ, বাগসা জিলা সাহিত্য সভাৰ প্ৰস্তুতি কমিটীৰ সম্পাদক কুঞ্জ লহকৰকে আদি কৰি কেবাগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্রহণ কৰে।

নিশা বাৰেবৰণীয়া সাংস্কৃতিক অনুষ্ঠানেৰে বাগসা জিলা সাহিত্য সভাৰ নৱম দ্বিবার্ষিক বাৰাপেটা অধিৱেশখনৰ সামৰণি পৰে।কেইবাগৰাকীও বিশিষ্ট সাহিত্যিকৰ লগতে ভিন্ন স্তৰৰ অজস্ৰ সাহিত্য প্ৰেমীৰ উপস্থিতিৰে অনুষ্ঠানটো সাফল্য মণ্ডিত কৰি তোলাৰ বাবে অধিৱেশনখনৰ আদৰণি সমিতিৰ সভাপতি তথা বি.টি.আৰ.ৰ কাৰ্যবাহী সদস্য গৌতম দাসে সকলোকে কৃতজ্ঞতা জ্ঞাপন কৰে।

Exit mobile version