বিৰল ৰােগত আক্রান্ত বর্ষীয়ান অভিনেতা নাছিৰুদ্দিন শ্বাহ, নিজে কৰিলে সদৰী

90042946

অভিনেতা নাছিৰুদ্দিন শ্বাহ এক বিৰল ৰােগত আক্ৰান্ত হৈছে। সামাজিক মাধ্যমৰ জৰিয়তে অভিনেতাগৰাকীয়ে নিজে তেওঁৰ স্বাস্থ্যৰ সন্দৰ্ভত এই কথা সদৰী কৰিলে।

নাছিৰুদ্দিনে ইউ টিউব চেনেলৰ জৰিয়তে প্রকাশ কৰা অনুসৰি তেওঁ অন’মেট’মেনিয়া নামৰ এক বিৰল ৰােগত আক্ৰান্ত হৈছিল।

ইউ টিউব ভিডিঅ’ত এই কথা প্রকাশ কৰি অভিনেতাজনে কয়, ‘মই এক বিশেষ সমস্যাত ভুগিছাে। ইয়াৰ নাম অন’মেট’মেনিয়া। চিকিৎসাশাস্ত্ৰত ইয়াৰ নাম আছে। আপােনালােকে অভিধান চাব পাৰিব। ‘

নিজৰ স্বাস্থ্যৰ সন্দৰ্ভত নাছিৰুদ্দিনে এই তথ্য প্ৰকাশ কৰিলেও ৰোগৰ সন্দৰ্ভত তেওঁ অধিক তথ্য প্ৰকাশৰ পৰা বিৰত আছে ।

Exit mobile version