যক্ষ্মামুক্ত ভাৰত গঢ়াৰ লক্ষ্যৰে কেএইচপিটি-ৰ নাৰী দিৱস উদ্‌যাপন

আজি বিশ্ব নাৰী‌ দিৱস । ৰাজ্যৰ বিভিন্ন প্ৰান্তত উদ্‌যাপন কৰা হৈছে নাৰী দিৱস । সেই উপলক্ষে আজি কৰ্ণাটক হেল্থ প্ৰম’চন ট্ৰাষ্টে মহানগৰীৰ হোটেল ৰাজধানী ৰিজেঞ্চীত দিনযোৰা কাৰ্যসূচীৰে নাৰী দিৱস পালন কৰে ।

যক্ষ্মামুক্ত ভাৰত গঢ়াৰ লক্ষ্যৰে আজিৰ অনুষ্ঠানটো অনুষ্ঠিত হয় । উক্ত অনুষ্ঠানত বিভিন্ন আত্মসহায়ক গোটৰ মহিলাসকল আৰু আশা কৰ্মীসকল উপস্থিত থাকে ।

উল্লেখ্য অনুষ্ঠানটোৰ জৰিয়তে যক্ষ্মা ৰোগৰ কাৰণ, লক্ষণ আৰু নিৰাময়ৰ বিষয়ে অৱগত কৰা হয় । ইয়াৰ উপৰি যক্ষ্মা ৰোগক লৈ সমাজত থকা অন্ধ বিশ্বাস বা কু-সংস্কাৰ দূৰ কৰিবলৈ কোৱা হয় ।

Exit mobile version