Warm Water Benefits : গৰম পানী খালে সচাকৈ ওজন হ্ৰাস হয় ? কি কয় বিশেষজ্ঞসকলে

shutterstock 789650176

ওজন হ্ৰাস কৰাত সহায় কৰে গৰম পানীয়ে ! শুনি আচৰিত লাগিলেও, বিশেষজ্ঞসকলে কয় যে এইটো একেবাৰে অপ্ৰাসংগিক নহয়। প্ৰতিদিনে ছয়ৰ পৰা আঠ গিলাচ গৰম পানীয়ে ওজন হ্ৰাস কৰাত সহায় কৰিব পাৰে।

বিশেষজ্ঞসকলৰ মতে, পানীৰ ভাৰসাম্য বজাই ৰখাটো শৰীৰৰ বাবে ভাল। কিন্তু পানী খোৱাৰ আগতে পানীখিনি অকমান গৰম কৰি লয় ই ওজন হ্ৰাস কৰাতো কাৰ্যকৰী হ’ব পাৰে।

গৰম পানীয়ে শৰীৰৰ বিপাক প্ৰক্ৰিয়াক উদ্দীপিত কৰাত সহায় কৰে। বিশেষকৈ, ৰাতিপুৱা গৰম পানী খালে বিপাক প্ৰক্ৰিয়া দ্ৰুততাৰে সক্ৰিয় হ’ব পাৰে।

ইয়াৰ উপৰিও, গৰম পানীয়ে স্নেহপদাৰ্থৰ কণাবোৰ ভাঙি পেলোৱাত সহায় কৰে, যাৰ ফলত পাচন তন্ত্ৰৰ বাবে চৰ্বিসদৃশ পদাৰ্থ হজম কৰা সহজ হয়।

খোৱাৰ আগতে অলপ গৰম পানী খালে পাকস্থলী কিছু পৰিমাণে ভৰ্তি হয়, যাৰ ফলত ইয়াত খোৱা খাদ্যৰ পৰিমাণ হ্ৰাস হয়। গ্ৰহণ কৰা কেলৰিৰ পৰিমাণো হ্ৰাস হয়।

(১) চৰ্দি, কাহ আৰু ডিঙিৰ বিষ হ্ৰাস কৰিবলৈ গৰম পানীৰ ব্যৱহাৰ বহু যুগ ধৰি চলি আহিছে।

(২) শৰীৰৰ পৰা বিভিন্ন প্ৰকাৰৰ বিষাক্ত পদাৰ্থ আঁতৰাই শৰীৰ পৰিষ্কাৰ কৰাৰ বাবে গৰম পানীও অতি উপযোগী।

(৩) গৰম পানীয়ে ছাল ভালে ৰখাত সহায় কৰে আৰু ব্রণৰ সমস্যা দূৰ কৰে।

Exit mobile version