বিশ্বৰ ভিতৰতে সৰ্বাধিক সংখ্যক নিষেধাজ্ঞাৰ সন্মুখীন হ’ল ৰাছিয়া

123036949 gettyimages 1235149869

ইউক্রেইনৰ বিৰুদ্ধে যুদ্ধ আৰম্ভ কৰাৰ পাছত সম্প্রতি ৰাছিয়া হৈছে বিশ্বৰ সবাতােকৈ অধিক নিষেধাজ্ঞাৰ সন্মুখীন হােৱা দেশ। ক্রমশঃ ৰাছিয়াৰ ওপৰত আন্তর্জাতিক চাপ বৃদ্ধি পাইছে।

বিগত ১০ দিনত সন্মুখীন হােৱা নিষেধাজ্ঞাৰ ভৰত ইৰান আৰু উত্তৰ কোৰিয়াক চেৰ পেলাই শীর্ষ স্থানত উপনীত হৈছে ভ্লাদিমিৰ পুটিনৰ দেশ।

কাষ্টেলাম ডট এ আই নামৰ আন্তর্জাতিক সংস্থাটোৱে প্ৰকাশ কৰা এই তালিকা অনুসৰি এই যুদ্ধ আৰম্ভ হােৱাৰ পূর্বে ২২ ফেব্ৰুৱাৰীৰ পৰা মার্কিন যুক্তৰাষ্ট্ৰ আৰু ইয়াৰ ইউৰােপীয় সহযােগী দেশসমূহৰ দ্বাৰা প্রভূত।

পৰিমাণৰ নিষেধাজ্ঞাৰ সন্মুখীন হৈছে ৰাছিয়া। কাষ্টেলামৰ মতে, ৰাছিয়া নতুনকৈ ২৭৭৮টা নিষেধাজ্ঞাৰ সন্মুখীন হৈছে। ফলত ৰাষ্ট্ৰখনে সন্মুখীন হােৱা মুঠ নিষেধাজ্ঞাৰ সংখ্যা হৈছে। ৫৫৩০টা। প্রতিদিনে ৰাছিয়াৰ ওপৰত চাপ বাঢ়িছে।

বিভিন্ন আমেৰিকান কোম্পানীয়ে ৰাছিয়াত কাম বন্ধ কৰিছে। পুটিনৰ মতে এই নিষেধাজ্ঞাসমূহ যুদ্ধ ঘােষণা কৰাৰ সমান। কাষ্টেলামৰ মতে ২২ ফেব্ৰুৱাৰীৰ পূর্বে ২৭৫৪টা নিষেধাজ্ঞা আছিল ৰাছিয়াৰ বিৰুদ্ধে।

যুদ্ধৰ তীব্রতা বৃদ্ধি কৰাৰ লগে লগে নতুনকৈ ২৭৭৮টা নিষেধাজ্ঞাৰ সন্মুখীন হয়। ইয়াৰ পাছতে আছে দ্বিতীয় স্থানত ইৰান। ৰাষ্ট্ৰখনৰ বিৰুদ্ধে নিষেধাজ্ঞাৰ পৰিমাণ ৩৬১৬টা।

ইয়াৰ পাছতে ছিৰিয়াৰ বিৰুদ্ধে আছে ২৬০৮টা নিষেধাজ্ঞা, উত্তৰ কোৰিয়াৰ বিৰুদ্ধে ২০৭৭টা, ভেনিজুৱেলাৰ বিৰুদ্ধে ৬৫১টা, ম্যানমাৰৰ বিৰুদ্ধে ৫১০টা আৰু কিউবাৰ ২০৮টা নিষেধাজ্ঞা আছে।

পুটিনৰ বিৰােধিতা কৰি ৰাছিয়াত কাৰাবন্দী ১৩ হেজাৰ

ৰাষ্ট্রপতি ভ্লাদিমিৰ পুটিনৰ বিশেষ সামৰিক অভিযানৰ ঘােষণাৰ পাছত ১৩দিন অতিবাহিত হৈছে। এই সময়ত সবাতােকৈ বৃহৎ প্রশ্নটো হ’ল পুটিনে কি বিচাৰিছে?

ইতিমধ্যে কঠোৰ নিষেধাজ্ঞাৰ সন্মুখীন হৈছে ৰাষ্ট্রপতিজন। নিজ দেশতে প্রতিবাদৰ সন্মুখীন হৈছে পুটিন। এই পৰিস্থিতিত ক্রেমলিনে নির্দেশ জাৰি কৰিছে যে এনে কোনাে তথ্য বা খবৰ প্রচাৰ কৰিব নােৱাৰিব, যাৰ দ্বাৰা ৰুছ সেনাৰ কার্যকলাপক হীন দৃষ্টিৰে চাব পাৰি।

এনেহ’লে ১৫ বছৰৰ জেল বা জৰিমনা হ’ব। ইউক্রেইনত ৰাছিয়াৰ বিশেষ সামৰিক অভিযানক আক্রমণ, আগ্রাসন বা যুদ্ধ বুলি অভিহিত কৰিলে সেয়া ভুৱা বাতৰিৰ আওতাত পৰিব বুলি কোৱা হৈছে। পশ্চিমীয়া সংবাদ মাধ্যমৰ এটা অংশই দাবী কৰে যে আন্তর্জাতিক সংবাদ মাধ্যম ৰাছিয়াত কৰ্মৰত সাংবাদিকসকলক লৈ আতংকত আছে।

পশ্চিমীয়া সংবাদ মাধ্যমৰ মতে ৰাছিয়াত এই পর্যন্ত ১৩ হেজাৰৰাে অধিক সাধাৰণ মানুহক গ্রেপ্তাৰ কৰা হৈছে। যুদ্ধবিৰােধী অৱস্থান গ্রহণ কৰি ৰুছ আগ্রাসনৰ বিৰােধিতা কৰিবলৈ পথত নামিছিল এওঁলােক।

Exit mobile version