যুদ্ধক্ষেত্ৰতে বিবাহপাশত আবদ্ধ হ’ল ইউক্ৰেইনৰ সেনা দম্পতী

n1emj4bo ukraine soldiers getting married

ৰক্তক্ষয়ী যুদ্ধৰ ধ্বংসাত্মক পৰিস্থিতি, প্রতি মুহূর্ততে মৃত্যুৰ পৰিৱেশকো কিছু সময়ৰ বাবে ম্লান কৰিলে প্রেমৰ সুবাসে। সম্ভাৱ্য মৃত্যুৰ পূর্বে প্রেমাস্পদক জীৱনৰ লগৰীৰূপে স্বীকৃতি প্রদানৰ উদ্দেশ্যৰেই কিয়েভৰ যুদ্ধক্ষেত্রক বিবাহস্থলীত পৰিণত কৰিলে ইউক্রেইনৰ সেনাবাহিনীৰ এক দম্পতীয়ে।

বিগত দুটা দশক ধৰি দুয়াে একেলগেই বাস কৰিছিল। কেৱল আনুষ্ঠানিক বিবাহ সম্পন্ন হােৱা নাছিল এই সেনা দম্পতীৰ। স্বদেশক ৰক্ষাৰ হকে হাতত অস্ত্র তুলি ধৰাৰ সময়তে প্ৰথমবাৰলৈ বিবাহৰ প্রয়ােজনীয়তা অনুভৱ কৰিলে লেজিয়া ইভাছচেংক’ আৰু ভেলেৰী ফিলিম’ন’ভে।

কাৰণ কোন মুহূর্তত শত্ৰুৰ গুলিয়ে বুকু ভেদ কৰে তাৰ কোনাে নিশ্চয়তা নাই। সেয়ে যুদ্ধক্ষেত্রতে তেওঁলােকৰ প্ৰেমৰ সম্পৰ্কক স্থায়িত্ব প্রদানৰ সিদ্ধান্ত ল’লে ভেলেৰী আৰু লেজিয়াই। কিয়েভৰ যুদ্ধক্ষেত্ৰত থিয় দিয়েই কেক-চেম্পেইন আদিৰে বিবাহ সম্পন্ন কৰিলে সেনা দম্পতীয়ে।

https://twitter.com/Mary_Nelson8/status/1500485865969233927?ref_src=twsrc%5Etfw%7Ctwcamp%5Etweetembed%7Ctwterm%5E1500485865969233927%7Ctwgr%5E%7Ctwcon%5Es1_c10&ref_url=https%3A%2F%2Fwww.hindustantimes.com%2Fworld-news%2Flove-conquers-darkness-ukrainian-soldiers-tie-knot-on-the-battlefield-101646735195151.html

বগা গােলাপ আৰু সােণৰ আঙুঠি বিনিময় কৰি আনুষ্ঠানিক দম্পতী হ’ল দুয়াে। যুদ্ধৰ ভয়াৱহতাকো নেওচি কেক, চেম্পেইন আৰু সংগীতত মতলীয়া হৈ পৰিল ৰাছিয়াৰ আক্ৰমণৰ পৰা স্বদেশক ৰক্ষাৰ বাবে জীৱনৰ পণ ৰাখি যুদ্ধত নমা একাংশ সৈনিক। ইতিমধ্যে ভাইৰেল হােৱা উক্ত ভিডিঅ’ত দেখা গৈছে দুয়ােৰে পিন্ধনত সেনাৰ পােছাক।

অৱশ্যে হাতত বন্দুকৰ পৰিৱর্তে আছে ফুলৰ থােপা। সেনাৰ হেলমেটৰ সলনি দৃষ্টি আকর্ষণ কৰিছে মূৰত থকা বগা ঊর্ণাখনেও। গির্জাৰ পৰিৱর্তে এই বিবাহ অনুষ্ঠান সম্পন্ন হৈছে যুদ্ধৰ পৰিৱেশ সৃষ্টি হােৱা ইউক্রেইনৰ ৰাজধানী কিয়েভৰ কোনাে প্রান্তত।

অতিথিৰূপে দৰা-কইনাক আশীর্বাদ দিয়ে কিয়েভৰ মেয়ৰ তথা কিংবদন্তি বক্সাৰ ভিটালি ক্লিটচেংকোৱে। মেয়ৰজনে এই সন্দৰ্ভত কয় ,’প্রত্যেক ইউক্রেইনবাসীৰ এটাই আবেদন, দয়া কৰি যুদ্ধ বন্ধ কৰক। সাধাৰণ মানুহৰ মৃত্যু ৰােধ কৰক। সেই যুদ্ধক্ষেত্ৰতে থিয় দি বিবাহৰ দৰে সামাজিক অনুষ্ঠানতকৈ ভাল আৰু কি হ’ব পাৰে?

ইফালে আকস্মিকভাৱে বিবাহৰ সিদ্ধান্ত লৈ নৱ-দম্পতীও আনন্দত আত্মহাৰা হৈ পৰিছে। হাতত গােলাপৰ থােপা লৈ তেওঁলােকে কয়,’একেলগেইতাে আছিলাে, সেয়ে বেলেগকৈ ইমানদিনে বিয়া কৰােৱাৰ প্রয়ােজনবােধেই কৰা নাছিলাে। অথচ কাইলৈ কি হ’ব কোনে জানে? হাতত সময় একেবাৰে কম। সেয়ে বিয়াখন পাতিয়েই পেলালাে।’

Exit mobile version