Health Benefits of Parwal : ওজন হ্ৰাস কৰাৰ পৰা ডায়েবেটিচ নিয়ন্ত্ৰণ ,গুণৰ অন্ত নাই পটলত

parwal root benefits

সাধাৰণতে যেতিয়া স্বাস্থ্যৰ গুণ সমৃদ্ধ কথা কোৱা হয় তেতিয়াই মনলৈ আহে এবিধ পাচলিৰ নাম আৰু সেইবিধ হৈছে পটল।বিশেষজ্ঞসকলৰ মতে, ভিটামিন আৰু খনিজ পদাৰ্থ সমৃদ্ধ পটল হৈছে এক অতি স্বাস্থ্যকৰ পাচলি।

(১)কোষ্ঠকাঠিন্যৰ পৰা সকাহ দিবলৈ

পটলত প্ৰচুৰ পৰিমাণে ফাইবাৰ থাকে । ফাইবাৰে পাচন তন্ত্ৰ ভাল ৰখাত সহায় কৰে । পটলে কোষ্ঠকাঠিন্য দূৰ কৰাত সহায় কৰে।

(২) ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে

পটলত ভাল পৰিমাণৰ ভিটামিন চি পোৱা যায় । ভিটামিন চি-য়ে এফালে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাত সহায় কৰে আৰু আনফালে, ই জাৰণ প্ৰক্ৰিয়াৰ ফলত হোৱা বিভিন্ন ক্ষতিকাৰক মুক্ত ৰেডিকেলৰ কাৰ্যৰ পৰা শৰীৰক সুৰক্ষিত কৰাত সহায় কৰে। বিশেষকৈ ঋতু পৰিৱৰ্তনৰ সময়ত চৰ্দি আৰু জ্বৰ প্ৰতিৰোধ কৰিবলৈ পটল কামত আহে । যকৃতৰ সমস্যাত ভুগি থকা লোকসকলৰ বাবেও পটল যথেষ্ট উপকাৰী।

(৩) ওজন নিয়ন্ত্ৰণ

পটলত যি ফাইবাৰ পোৱা যায়, সেইয়া হজম হ’বলৈ দীঘলীয়া সময় লাগে। ফলস্বৰূপে, দীৰ্ঘসময় ধৰি ভোক নালাগে। লগতে ১০০ গ্ৰাম পটলত মাত্ৰ ২০ কেলৰি থাকে। ফলস্বৰূপে, যিসকলে ওজন হ্ৰাস কৰিবলৈ চেষ্টা কৰি আছে আৰু কোনবোৰ খাদ্য খাব লাগে তাৰ বিষয়ে জ্ঞাত নহয় তেওঁলোকৰ বাবে পটল এক ভাল বিকল্প হ’ব পাৰে।

(৪) কলেষ্টেৰল হ্ৰাস কৰিবলৈ

পটলে তেজত বেয়া কলেষ্টেৰল বা এলডিএল হ্ৰাস কৰাত আৰু ভাল কলেষ্টেৰল বা এইচডিএল বৃদ্ধি কৰাত সহায় কৰে। ফলস্বৰূপে, হৃদযন্ত্ৰ ভালে ৰখাত সহায় কৰে । লগতে হ্ৰাস হয় ষ্ট্ৰোকৰ বিপদাশংকাও।

(৫) ডায়েবেটিচ নিয়ন্ত্ৰণ

ডায়েবেটিক ৰোগীৰ বাবে পটল আৰু পটলৰ গুটি যথেষ্ট উপযোগী। পটলত, থাকে কপাৰ, পটাছিয়াম মেগনেছিয়াম আৰু ফ্লেভিনইডসদৃশ উপাদান । এই উপাদানবোৰ ৰক্ত শৰ্কৰাৰ স্তৰ নিয়ন্ত্ৰণ কৰাত যথেষ্ট কাৰ্যকৰী।

Exit mobile version