ঊৰ্ধ্বমুখী তেলৰ মূল্য : কি হ’ব ভাৰতত ?

PM at First Meeting of Central Asia Summit

বিশ্ব বজাৰত ক্ৰমাৎ বৃদ্ধি পাইছে অপৰিশােধিত তেলৰ মূল্য। খাৰুৱা তেলৰ এই মূল্যবৃদ্ধিৰ পাছতাে ভাৰতত পেট্রল-ডিজেল অথবা ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্যবৃদ্ধি নােপােৱাৰ কাৰণ পাঁচ ৰাজ্যৰ নির্বাচন বুলি বিৰােধী শিবিৰে কৈ আহিছে। পৰহি পাঁচ ৰাজ্যৰ নিৰ্বাচনৰ সমাপ্তিৰ পাছতাে অৱশ্যে এই পর্যন্ত তেলৰ দাম বৃদ্ধি পােৱা নাই।

ADVERTISEMENT

আজিও তৈল সংস্থাসমূহে মূল্য বৃদ্ধি কৰা নাই। অৱশ্যে ৰাছিয়াৰ বিৰুদ্ধে অর্থনৈতিক নিষেধাজ্ঞা আৰােপ কৰি মার্কিন ৰাষ্ট্রপতি জ’ বাইডেনে সেই দেশৰ পৰা তেলৰ আমদানি বন্ধ কৰাৰ বিষয়টোৱে ভাৰতসহ সমগ্র বিশ্ব অর্থনীতিক অধিক আশংকাৰ মুখলৈ ঠেলি দিছে।

ইউক্রেইনৰ বিৰুদ্ধে আক্রমণৰ প্রত্যুত্তৰ দিবলৈ ৰাছিয়াক আর্থিকভাৱে দুর্বল কৰাৰ উদ্দেশ্যে শেহতীয়াকৈ বাইডেনে ভ্লাদিমিৰ পুটিনৰ দেশৰ পৰা তেলৰ আমদানি বন্ধ কৰিবলৈ নিষেধাজ্ঞা আৰােপ কৰে। বাইডেনে ঘােষণা কৰে যে ৰাছিয়াৰ যুদ্ধৰ বাবে তেল ক্রয় কৰি সাহায্য নকৰে আমেৰিকাই। এই সিদ্ধান্তৰ ফলতে মার্কিন মুলুকতাে তেল-গেছৰ দাম বৃদ্ধি পাব যদিও স্বাধীনতা ৰক্ষাৰ যুঁজত এই ত্যাগ স্বীকাৰৰ বাবে তেওঁ আমেৰিকাবাসীক আহ্বান জনাইছে।

যুদ্ধৰ পৰা ভাৰতৰ আখল ঘৰলৈ

ৰাছিয়া-ইউক্রেইনৰ যুদ্ধৰ ফলশ্ৰুতিত ভাৰততাে পেট্রল আৰু পেট্র’পণ্যৰ মূল্যবৃদ্ধিয়ে স্বাভাৱিকতে সাধাৰণ মানুহক পুনৰ ভাৰাক্রান্ত কৰি তুলিব। ইতিমধ্যে পেট্র’লৰ মূল্য পূর্বৰ তুলনাত বহু বেছি হৈছে। কালি বিত্তমন্ত্রী নির্মলা সীতাৰমণে এই কথা স্বীকাৰ কৰে যে বিশ্বৰ বজাৰত খাৰুৱা তেলৰ মূল্য যি পৰিমাণে বৃদ্ধি পাইছে আৰু প্রতিদিনেই ঊর্ধ্বমুখী হৈয়ে আছে, সেই অৱস্থাত দেশত এই শিতানত বাজেটত নির্ধাৰিত ধন কম হ’ব।

ফলত কিদৰে পৰিস্থিতি চম্ভালিব পৰা যায় সেয়ানৰেন্দ্ৰ মােদীৰ চৰকাৰৰ বাবে চিন্তাৰ কাৰণ হৈছে বুলিও তেওঁ কয়। তেওঁ কয়, ‘খাৰুৱা তেলৰ বর্ধিত মূল্যৰ বােজা বহন কৰিব লাগিব। বাজেটত ইয়াৰ বাবে কিছু ব্যৱস্থা কৰিছাে। অৱশ্যে তেলৰ সম্ভাৱ্য গড় মূল্যৰ ভিত্তিতে কৰা হৈছে; কিন্তু এতিয়া সেই মূল্য অতিক্ৰম কৰি গ’ল খাৰুৱা তেলৰ মূল্যই।

গতিকে কিদৰে সমাধান কৰিব পাৰি চাব লাগিব। ‘অৱশ্যে পেট্র’লিয়াম মন্ত্রী হৰদ্বীপ সিং পুৰীয়ে কয় যে চৰকাৰে নাগৰিকৰ স্বাৰ্থৰ কথা ভাবিয়ে সিদ্ধান্ত ল’ব আৰু দেশত তেলৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি নহ’ব। এই পৰিস্থিতিত প্রশ্ন উত্থাপন হৈছে যে তেল আৰু গেছৰ দাম বৃদ্ধি নহয় বুলি মােদী চৰকাৰে এই মুহূৰ্তলৈ স্পষ্ট কৰি দিয়া নাই।

বিশেষজ্ঞ মহলৰ মতে, ৰাছিয়া-ইউক্রেইনৰ যুঁজখন ইন্ধনৰ যুঁজলৈ পৰিৱর্তিত হােৱাত বাস্তৱতে খাৰুৱা তেলৰ মূল্যই আকাশ চুব পাৰে। ৰাছিয়াই সকীয়নি দিছে যে খাৰুৱা তেলৰ মূল্য প্রতি বেৰেলত তিনিশ টকা ডলাৰ পর্যন্ত হ’ব পাৰে। এনে পৰিস্থিতিত ইন্ধনৰ মূল্যবৃদ্ধিক লৈ দেশৰ সাধাৰণ মানুহ উদ্বিগ্ন হৈছে। অথচ এই পর্যন্ত চৰকাৰে কোনাে স্থিতি স্পষ্ট কৰা নাই।

ইপিনে, মন্ত্রী পুৰীয়ে এই কথাও কৈছে যে তৈল সংস্থাসমূহে তেলৰ মূল্য নির্ধাৰণ কৰে। গতিকে আগন্তুক সময়ত ভাৰতত ইন্ধনৰ মূল্য অপৰিৱর্তিত থাকিব নে বৃদ্ধি পাব এই ছবি একেবাৰে ধূসৰ হৈ আছে। দীপাৱলীৰ পাছত পৰা এই পর্যন্ত একেৰাহে ১২৪ দিন পেট্রল-ডিজেলৰ মূল্যবৃদ্ধি হােৱা নাই। আজি অৱশ্যে বিশ্ব বজাৰত খাৰুৱা তেলৰ মূল্য প্রতি বেৰেলত ১৩২ ডলাৰ হয়।

ফলত দেশত এই পর্যন্ত মূল্য স্থিৰ হৈ থাকিবলেও দিল্লী আৰু সংলগ্ন অঞ্চলত প্রাকৃতিক গেছৰ (চি এন জি)ৰ মূল্য আজিৰে পৰা প্রতি কিলােত ৫০ পইচা বৃদ্ধি পাইছে। কেন্দ্রীয় মন্ত্রী পুৰীৰ লগতে পেট্র’লিয়াম বিভাগৰ ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে কয় যে তেলৰ মূল্যক লৈ এতিয়াও বৈঠক কৰা নাই সংস্থাসমূহে। সূত্রত প্রকাশ যে ৰাছিয়াই ভাৰতক কিছু সস্তাত তেল ৰপ্তানিৰ প্ৰস্তাৱ দিছে। প্রায় ২৭ শতাংশ ৰেহাইৰ মূল্যত ভাৰতৰ তেল যােগান ধৰিবলৈ ৰাছিয়াৰ এই প্রস্তাৱত ভাৰত চৰকাৰে কি ধৰণৰ প্রতিক্রিয়া প্রকাশ কৰিব সেয়া স্পষ্ট নহয়। মন কৰিবলগীয়া যে ভাৰতৰ মুঠ আমদানি এক শতাংশ উৎস হৈছে ৰাছিয়া।

নীৰৱ প্ৰধানমন্ত্রী

সাম্প্রতিক পৰিস্থিতিত মৌনব্রত ধাৰণ কৰি আছে প্রধানমন্ত্রী মােদীয়ে। আজি বাজেটক লৈ এক অনলাইন বৈঠকত মােদীয়ে আত্মনিৰ্ভৰ ভাৰতৰ কথা কয়। অন্য দেশৰ ওপৰত নিৰ্ভৰশীলতা হ্রাস কৰিবলৈ প্রধানমন্ত্রীৰ এই ভাষ্যত অৱশ্যে সাম্প্রতিক পৰিস্থিতিত কি কৰিব তাকে লৈ কোনাে ইংগিত নাই। এই পর্যন্ত বাজেটক লৈ ১০ খন ভাচুৱেল বৈঠকত বক্তৃতা দিলে মােদীয়ে।

তেওঁ কয়, ‘অতিমাৰীৰ পাছত অর্থনীতি পুনৰ সজীৱ হৈছে। এয়া আমাৰ আর্থিক সিদ্ধান্ত আৰু অর্থনীতিৰ শক্তিশালী ভেটিৰ প্ৰতিফলন। ‘অর্থনীতিৰ বৃদ্ধিক ধৰি ৰাখিবলৈ চৰকাৰে বিদেশী বিনিয়ােগৰ উৎসাহ প্রদান আন্তঃগাঁথনিৰ বিনিয়ােগত কৰ ৰেহাইৰ দৰে পদক্ষেপ গ্রহণ কৰিছে বুলিও মােদীয়ে কয়। বেংক আৰু অন্যান্য বিত্তীয় প্রতিষ্ঠানক গ্রামীণ অর্থনীতিক সহায় কৰিবলৈ কয় মােদীয়ে। ইয়াৰ লগে লগে বিৰােধীয়ে কয় যে পেট্র’লৰ লগতে ডিজেলৰ মূল্যবৃদ্ধি পালে গ্রাম্য অর্থনীতিৰ আঘাত হানিব। এই পৰিস্থিতি মােদী চৰকাৰে কিদৰে চম্ভালিব বুলি বিৰােধীয়ে প্রশ্ন কৰে।

Exit mobile version