ধুবুৰীৰ কালীবাড়ীত ১৯ জনকৈ দৰা-কইনাৰ গণ বিবাহ

আজি ধুবুৰী কালীবাড়ী মন্দিৰত কালীবাড়ী ট্ৰাষ্টীবোৰ্ডৰ উদ্যোগত বিভিন্ন অঞ্চলৰ পৰা ১৯ জনকৈ দৰা-কইনাক লৈ গণ বিবাহৰ আয়োজন কৰা হয়।

ADVERTISEMENT

উক্ত অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ভাৰত চৰকাৰৰ সংখ্যালঘূ মন্ত্ৰনালয়ৰ মন্ত্ৰী জন বাৰলাৰ লগতে ধুবুৰী জিলা আৰক্ষী অধীক্ষক অভিজিত গুৰাৱ, ধুবুৰী কালীবাড়ী ট্ৰাষ্টী বোৰ্ডৰ সম্পাদক ৰবীন্দ্ৰ ৰয়কে ধৰি অঞ্চলবাসী লগতে দৰা কইনাৰ আত্মীয়লোকসকল ।

অনুষ্ঠানত বিভিন্ন সমাজ সেৱী তথা ট্ৰাষ্টী বোৰ্ডৰ লোকসকলৰ প্ৰচেষ্টাত দান বৰঙনিৰে ১৯ গৰাকী দৰা-কইনাক সোনৰ আঙুঠি আৰু অন্যান্য সাজ পাৰৰ বয় বস্তু প্ৰদান কৰে। তথ্য অনুসৰি এই অনুষ্ঠানত ট্ৰাষ্টী বোৰ্ডৰ পঞ্চম তম গণ বিবাহ অনুষ্ঠান ।

Exit mobile version