যুদ্ধৰ মাজতে ৰাছিয়াত ৰাষ্ট্ৰপতিৰ জনপ্ৰিয়তা ৭১ শতাংশ বৃদ্ধি

RUSSIA Ira 2

ইউক্রেইনৰ বিৰুদ্ধে যুদ্ধ ঘােষণা কৰি নিজৰ জনপ্রিয়তা আকৌ এবাৰ তুংগত তুলিলে ৰাছিয়াৰ ৰাষ্ট্রপতি ভ্লাদিমিৰ পুটিনে। ৰাছিয়াই ইউক্রেইনত আক্রমণ অব্যাহত ৰখাৰ সময়তে চৰকাৰী সংস্থাই চলােৱা এক সমীক্ষাত ৬৫ শতাংশ ৰুছ নাগৰিকে পুটিনৰ ইউক্রেইন বিৰােধী বিশেষ সেনা অভিযানলৈ নিজৰ সমর্থন ব্যক্ত কৰিলে।

স্থানীয় সমীক্ষাটোত ৰাছিয়াৰ ৭১ শতাংশ নাগৰিকে পুটিনৰ প্রতি আস্থা ব্যক্ত কৰে।স্মর্তব্য যে ইউক্রেইন যুদ্ধ আৰম্ভ হােৱাৰ পূর্বে পুটিনৰ প্রতি ৬০ শতাংশ ৰুছবাসীয়ে আস্থা ব্যক্ত কৰিছিল।

ছেন্ট পিটাৰ্ছাৰ্গৰ এজন টেক্সিচালকে ‘এছিয়া টাইমছ’ৰ আগত এইদৰে কয়, ‘পুটিনে যি কৰিছে সেয়া সঠিক। ইউক্রেইনে আমাৰ বাবে আন কোনাে বিকল্প ৰখা নাছিল। ‘

এই সমীক্ষাত অংশ লােৱা সৰহসংখ্যক লােকে পুটিনলৈ নিজৰ সমর্থন ব্যক্ত কৰি কয় যে ৰুছ ৰাষ্ট্রপতিয়ে ইউক্রেইনত সামৰিক অভিযান চলাই সঠিক পদক্ষেপ গ্রহণ কৰিলে আনহাতে, ৰাছিয়াৰ বৈদেশিক মন্ত্রণালয়ৰ মুখপাত্র মাৰিয়া জখৰেভাই ৰাছিয়াই কেতিয়াও যুদ্ধ আৰম্ভ কৰা নাই বুলি দাবী কৰি কয়, ‘ৰাছিয়াই যুদ্ধৰ আৰম্ভণি ঘটোৱা নাই, বৰঞ্চ যুদ্ধৰ সমাপ্তিহে ঘটাব বিচাৰিছে।’

চৰকাৰী সমীক্ষাৰ তথ্য অনুসৰি, ৰুছবাসীয়ে পুটিনৰ ইউক্রেইন বিৰােধী আগ্রাসনক সমর্থন জনাইছে। সেয়েহে যুদ্ধৰ মাজতে মাত্র ১৪ দিনৰ ভিতৰত দেশবাসীৰ মাজত পুটিনৰ জনপ্রিয়তা ৬০ শতাংশৰ পৰা ৭১ শতাংশলৈ বৃদ্ধি পালে।

অৱশ্যে ৰাছিয়াৰ চৰকাৰী সংস্থাই পুটিনৰ জনপ্রিয়তা যুদ্ধৰ পাছতাে অধিক বৃদ্ধি পােৱা বুলি দাবী কৰিলেও ইউক্রেইন আক্ৰমণৰ বিৰুদ্ধে ৰাছিয়াত এতিয়াও প্রতিবাদ অব্যাহত আছে।

প্রতিদিনে মস্কো, ছেণ্ট পিটাছৰ্বাৰ্গৰ দৰে চহৰত সহস্রাধিক ৰুছ নাগৰিকে পুটিনৰ বিৰুদ্ধে ব্যাপক প্রতিবাদ সাব্যস্ত কৰাৰ লগতে ইউক্রেইনৰ বিৰুদ্ধে যুদ্ধ বন্ধ কৰাৰ দাবী জনাই আহিছে। প্রকাশিত বাতৰি অনুসৰি,বৰ্তমানলৈকে পুটিন প্রশাসনে কমেও ১৭০০০ ৰাে অধিক আন্দোলনকাৰীক গ্রেপ্তাৰ কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰিছে।

মূলত পুটিন বিৰােধী নেতা এলেক্সেই নাভালনীৰ আহ্বানত এইসকল লােকে পুটিনৰ আগ্রাসী আচৰণৰ বিৰুদ্ধে প্রতিবাদ সাব্যস্ত কৰিছে। স্মর্তব্য যে নাভালনীক পুটিন প্রশাসনে সম্প্রতি কাৰাগাৰত বন্দী কৰি ৰাখিছে।

অলপতে নাভালনীয়ে কাৰাগাৰৰ পৰা সামাজিক মাধ্যমৰ জৰিয়তে ৰুছবাসীক ইউক্রেইন আক্ৰমণৰ বিৰুদ্ধে ৰাজপথত তীব্র প্রতিবাদ সাব্যস্ত কৰিবলৈ আহ্বান জনাইছিল।

নাভালনীৰ এই আহ্বানৰ পাছৰে পৰা প্রতিদিনে হেজাৰ হেজাৰ লােকে ৰাছিয়াৰ একাধিক চহৰৰ ৰাজপথত সমবেত হৈ ইউক্রেইন যুদ্ধৰ বিৰােধিতা কৰিছে। এইসকল আন্দোলনকাৰীয়ে প্ৰকাশ কৰা মতে, পুটিনে ক্ষমতা কুক্ষিগত কৰিবলৈ এনে আগ্রাসী আচৰণ প্রদর্শন কৰিছে।

পুটিন বিৰােধী এইসকল লােকে ৰাজপথত বৃহৎ আন্দোলন অব্যাহত ৰখাৰ পাছতাে পুটিনৰ জনপ্রিয়তা দেশবাসীৰ মাজত বৃদ্ধি পােৱা বুলি চৰকাৰী সমীক্ষাত দাবী কৰা ঘটনাই বিশেষ চর্চা লাভ কৰিছে। পুটিনৰ নিদের্শতে তেওঁৰ ভাবমূর্তি উজ্জ্বল কৰিবলৈ এনে চৰকাৰী সংস্থাৰ সমীক্ষা চলােৱা হ’ল বুলিও পুটিনবিৰােধী পক্ষই দাবী কৰিছে।

Exit mobile version