Russia Ukraine War: ইউক্ৰেইনত এইবাৰ জৈৱিক, ৰাসায়নিক অস্ত্ৰ প্ৰয়োগ কৰিব পাৰে ৰাছিয়াই ,সতৰ্কবাণী আমেৰিকাৰ

1646887907 blast

ইউক্ৰেইনৰ ওপৰত এইবাৰ জৈৱিক আৰু ৰাসায়নিক অস্ত্ৰ প্ৰয়োগ কৰাৰ পৰিকল্পনা কৰিছে ৰাছিয়াই । বুধবাৰে এই দাবী কৰিলে আমেৰিকাই ।

একে সময়তে, মস্কোৱে আমেৰিকাই ইউক্ৰেইনৰ স’তে যুটীয়াভাৱে জৈৱিক আৰু ৰাসায়নিক অস্ত্ৰ ওপৰত কাম কৰাৰ অভিযোগ উত্থাপন কৰিছে , সেয়াও ৱাশ্বিংটনেও খাৰিজ কৰিছে।

আমেৰিকাৰ ষ্টেট ডিপাৰ্টমেণ্টৰ মুখপাত্ৰ নেড প্ৰাইচে এক বিবৃতিত জনাইছে, “ক্ৰেমলিনে অপ্ৰচাৰ চলাইছে। তেওঁলোকে ইউক্ৰেইনত জৈৱিক আৰু ৰাসায়নিক অস্ত্ৰ প্ৰয়োগ কৰাৰ পৰিকল্পনা কৰিছে। তেওঁলোকৰ আক্ৰমণাত্মক নীতিৰ পৰা বিশ্বৰ মনোযোগ আঁতৰাবলৈ, আমেৰিকাৰ বিৰুদ্ধে ভুল বাৰ্তা প্ৰচাৰ কৰা হৈছে। “

হোৱাইট হাউচৰ প্ৰেছ সচিব জেন পেস্কিযৰ অভিযোগ ,মস্কোৰ এই দাবী পূৰ্বপৰিকল্পিত । তেওঁ কয়,”চীনৰ মুখতো এই একে ধৰণৰ দাবী শুনা গৈছে । ইয়াৰ পৰা, এইটো স্পষ্ট যে ৰাছিয়াই এনে মিছা প্ৰচাৰৰ প্ৰতিশোধ স্বৰূপে ইউক্ৰেইনত জৈৱিক আৰু ৰাসায়নিক অস্ত্ৰ ব্যৱহাৰ কৰাৰ পৰিকল্পনা কৰিছে। ওলোটাই দাবী পেস্কিৰ ।

বিগত ছয় মাৰ্চত ৰাছিয়াৰ বৈদেশিক মন্ত্ৰালয়ে টুইট কৰি কয় যে ৰাছিয়াৰ সৈন্যই কিয়েভত জৈৱিক আৰু ৰাসায়নিক অস্ত্ৰ নিৰ্মাণৰ কে’বাটাও প্ৰমাণ পাইছে।

কেৱল সেয়াই নহয়, টুইটটোৱে এইটোও দাবী কৰিছিল যে আমেৰিকাই ইউক্ৰেইনক এই অস্ত্ৰ-শস্ত্ৰ তৈয়াৰ কৰাত সহায় কৰাৰ প্ৰমাণ আছে। বিদেশ বিভাগৰ এজন মুখপাত্ৰই কয়,”টুইটটোত ৰাছিয়াই দাবী কৰা তথ্যৰ কোনো ভিত্তি নাই। তেওঁলোকে সদায় পশ্চিমীয়া দেশসমূহৰ বিৰুদ্ধে দোষাৰোপৰ আঙুলি তুলিছে। কিন্তু তেওঁলোকে নিজেই অপৰাধ কৰে। “

Exit mobile version