বিৰোধীশূন্য হ’ব নেকি দেশৰ সংসদীয় ব্যৱস্থা

97eaf2f0d4d48c93 delhi23march

ৰাজ্যৰ পৌৰসভা নিৰ্বাচনৰ ফলাফলৰ পাছত ঘোষণা কৰা দেশৰ পাঁচ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ফলাফলে বহু ৰাজনৈতিক পথ পৰিৱৰ্তনৰ ইংগিত বহন কৰিছে । কিয়নো এফালে কৃষক আন্দোলন, মূল্যবৃদ্ধি আৰু সাম্প্ৰদায়িক ৰাজনীতিক লৈ জনতাৰ ক্ষোভ, অসন্তুষ্টি আৰু একে সময়তে শাসকীয় বিজেপিৰ অপ্ৰতিৰোধ্য বিজয়ৰ গতি । ঘোষিত পাঁচখন ৰাজ্যৰ নিৰ্বাচনী ফলাফলত একমাত্ৰ পঞ্জাৱক বাদ দি উত্তৰ প্রদেশ, গোৱা, মণিপুৰ, আৰু উত্তৰাখণ্ডত বিজেপিৰ উত্থাপন চমকপ্ৰদ ঘটে । একপ্ৰকাৰ বিৰোধী দলসমূহ, সেয়া আঞ্চলিক দলেই হ‌ওক বা ৰাষ্ট্ৰীয়, দূৰতে বিদূৰ হ’ল । সংখ্যাগত দিশৰ পৰা এটাও দলে বিজেপিক কঠিন প্ৰত্যাহ্বান জনাব নোৱাৰিলে ।

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ নেতৃত্বাধীন আম আদমী পাৰ্টিয়ে পঞ্জাৱত ব্যতিক্ৰমী সফলতা লাভ কৰিলে যদিও আন চাৰিখন ৰাজ্যৰ ফলাফলত ব্যাপকভাৱে চৰ্চিত সামাজিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক বিষয়সমূহ বিৰোধী দলসমূহক কোনোধৰণে সহায় নকৰিলে অথবা বিৰোধীৰ নেতাই চৰ্চিত বিষয়সমূহক লৈ জনতাৰ কাষ চাপিব নোৱাৰিলে লক্ষ্যণীয়ভাৱে এই পাঁচখন ৰাজ্যৰ ফলাফলে কংগ্ৰেছক একপ্ৰকাৰ ইতিহাসৰ অতল গহ্বৰলৈ ঠেলি দিয়া বুলিও একাংশই চৰ্চা আৰম্ভ কৰিছে । পাঁচখন ৰাজ্যৰ ফলাফল লাভ কৰাৰ পাছতেই এতিয়া দেশবাসীৰ মাজত অত্যধিক চৰ্চিত বিষয়টো হ’ল বিজেপিয়ে দাবী কৰাৰ দৰে প্ৰকৃতাৰ্থতে বিৰোধীশূন্য হ’ব নেকি দেশৰ সংসদীয় ব্যৱস্থা ? এই প্ৰশ্নৰ উত্তৰত ৰাজ্যৰ প্ৰায়বোৰ বিৰোধী দলৰ নেতৃত্ব‌ই ‘দৈনিক অগ্ৰদূত’ৰ আগত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে ।

বিজেপি এতিয়া সমগ্ৰ ভাৰতবৰ্ষৰ এক শক্তি
হেমন দাস, জেষ্ঠ্য বামপন্থী নেতা

‘ঘটনাই প্ৰমাণ । বিৰোধী দলসমূহ যে দুৰ্বল তাক আজিৰ ফলাফলে প্ৰমাণ কৰি দিলে । বিজেপি এতিয়া সমগ্ৰ ভাৰতবৰ্ষৰ এক শক্তি । বিৰোধী নেতাসকলে সংকীৰ্ণ ত্যাগ কৰিব নোৱাৰিলে আৰু বিপৰ্যয় হ’ব । নিজে নিজে প্ৰধানমন্ত্ৰী, বিৰোধী দলসমূহে ৰাইজৰ সমৰ্থন লাভ কৰি সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰাৰ বিপৰীতে ক্ষমতাৰ সপোন চাই থাকিলে সফলতা ক’ৰ পৰা আহিব ? ভাৰতবৰ্ষৰ ৰাজনৈতিক ইতিহাসত ধনবল, বাহুবলেৰে বলীয়ান ইন্দিৰা গান্ধীও গাদীচ্যুত হৈছিল । বিজেপিয়েও মনত ৰখা উচিত যে অটল বিহাৰী বাজপেয়ীয়েও পৰাজয়ৰ মুখ দেখিছিল ।

মনমোহন সিঙো কংগ্ৰেছ শক্তিশালী হৈ থকা সময়তেই ক্ষমতাচ্যুত হৈছিল । গতিকে ধনবল-বাহুবল বুলি কোনো দল অথবা নেতাক ভয় কৰি চলিলে নহ’ব । দেশৰ ৰাজনীতিত বহু বিয়াগোম নেতাই শুকান পাতৰ দৰে সৰি পৰাৰ দৃশ্য সুলভ । বিজেপিৰ এই দম্ভ বেছি দিন নিটিকিব । সময় উকলি যোৱা নাই, বিজেপিৰ বিৰুদ্ধে এতিয়াও ঐক্যবদ্ধ হোৱাৰ সময় আছে । এতিয়া শিক্ষা পাইছে যেতিয়া কিছু হ’ব ।

দেৰি হ’ব পাৰে, কিন্তু সংগ্ৰামী পথৰ পৰা আঁতৰি আহিলে নহ’ব । এদিন ৰাইজে নিজেই সজাগ হ’ব । বিজেপিৰ বিৰুদ্ধে নিজেই থিয় হ’ব ।’

নুবুজা সাঁথৰ বুলি অভিহিত কৰিম
দেবব্ৰত শ‌ইকীয়া, অসম বিধানসভা বিৰোধী দলৰ দলপতি

বিৰোধীৰ উপৰ্যুপৰি ব্যৰ্থতাক ম‌ই নুবুজা সাঁথৰ বুলি অভিহিত কৰিম । তথাপি এইটোও কম যে ৰাইজক সজাগ কৰাত আমাৰো ক’ৰবাত ব্যৰ্থতা লুকাই আছে । মানুহৰো বহুতে পৰিৱেশ, পৰিস্থিতিৰ প্ৰকৃত উপলব্ধিবোৰ কৰিব নিবিচাৰে । প্ৰলোভনৰ ৰাজনীতিত সকলো যেন ভোল গৈছে । সেইবাবে বিৰোধীৰ জনগণক সজাগ কৰা কাৰ্যসূচীবোৰ ব্যৰ্থ হৈছে । হয়তো বিৰোধীকো ৰাইজে আস্থাত ল’ব বিচৰা নাই । প্ৰকৃত উপলব্ধিবোৰ কৰিবলৈ মানুহ হয়তো শিক্ষিত হোৱা নাই ।

সমগ্ৰ বিশ্বতে একনায়কত্ববাদৰ প্ৰতি মানুহৰ আগ্ৰহ বাঢ়িছে
অখিল গগৈ, সভাপতি, ৰাইজৰ দল

ম‌ই ভাবো বিৰোধীৰ উপৰ্যুপৰি ব্যৰ্থতা আৰু শাসক দলৰ ধাৰাবাহিক উত্থান এটা নিৰ্দিষ্ট সময়ৰ ৰাজনীতিৰ ফলাফল । সমগ্ৰ বিশ্বৰ ৰাজনীতিতে এইধৰণৰ সময়কেন্দ্ৰীক ৰাজনীতি দেখা যায়; কিন্তু এই পৰিৱেশ চিৰকালীন নহয় । এটা সময়ত কংগ্ৰেছকো আমি এই ধৰণৰ উত্থানৰ ৰাজনীতিত দেখিছিলো । সেই কংগ্ৰেছ এতিয়া অস্তিত্বহীন হ’বলৈ গৈ আছে । কংগ্ৰেছৰ পাছত বিজেপিৰ উত্থান দেখিবলৈ পোৱা গৈছে । হয়তো কিছুদিন বিজেপিৰ ঢৌ চলিব । বিৰোধী সবল হৈ থাকিলেও সময়নিৰ্দিষ্ট ৰাজনীতি চলিব‌ই ।

এতিয়া সমগ্ৰ বিশ্বতে একনায়কত্ববাদৰ প্ৰতি মানুহৰ আগ্ৰহ বাঢ়িছে । লাহে লাহে সেই আগ্ৰহ হ্ৰাস পাব । এই সময়তে বিৰোধীৰ কাম হ’ব লাগে বেছি হুলস্থূল নকৰাকৈ জনগণৰ মাজত থাকি তেওঁলোকৰ অন্তৰৰ কথাবোৰ দাঙি ধৰা । অতি ধৈৰ্য সহকাৰে বিৰোধীয়ে এই দায়িত্ব পালন কৰিব লাগিব । জনগণৰ সমস্যাবোৰ গভীৰভাৱে হৃদয়ংগম কৰি আহি থকা দিনবোৰৰ বাবে সাজু হ’ব লাগিব ।

আচলতে ‘পাব্লিক মেম’ৰি’ও যথেষ্ট কমি আহিছে
মুনিন মহন্ত, ৰাজ্যিক সম্পাদক, চিপিআই

বিৰোধীৰ দুৰ্বলতা থকা কথাটো অস্বীকাৰ কৰি লাভ নহ’ব । আমি আশা কৰা ধৰণে ফলাফল নোলাল । সৰ্বাত্মকভাৱে বিজেপিবিৰোধী ৰাজনৈতিক শক্তিৰ উত্থানো হৈ নুঠিল । কংগ্ৰেছে কিছু পৰিমাণে এৰা-ধৰা কৰা হ’লে শত্ৰুক ৰোধ কৰাত সফল হ’ব পাৰিলেহেঁতেন । বাস্তৱ পৰিস্থিতিত বিৰোধীৰ ঐক্যবদ্ধ হ’ব নোৱাৰাৰ কাৰণেই আজি এনে বিপৰ্যয় । ঐক্যবদ্ধ হোৱা হ’লে জিকিব নোৱাৰিলেও অন্ততঃ কঠিন যুঁজ এখন দিব পাৰিলেহেঁতেন । বৰ্তমানৰ ধনবল সৰ্বস্ব ৰাজনৈতিক ব্যৱস্থাপনাত আদৰ্শৰ যুঁজেৰে ক্ষমতালৈ অহাটো অত্যন্ত কঠিন । তদুপৰি দেশৰ কৰ্প’ৰেট গোষ্ঠীৰ পুঁজিও সম্প্ৰতি একচেটিয়াভাৱে শাসকীয় দললৈ যায় । দুৰ্ভাগ্যজনক কথাটো হ’ল, বিৰোধী দলসমূহে পুঁজি সংগ্ৰহ কৰিলেও আশাব্যঞ্জক সঁহাৰি পোৱা নাযায় ।

আজিকালি ৰাজনৈতিক দললৈ পুঁজি আগবঢ়োৱা অনুষ্ঠানসমূহেও জিকাৰ সম্ভাৱনীয়তা থকা দললৈহে পুঁজিৰ যোগান ধৰে । বিজেপিয়ে শাসনত থকাৰ অধিক সময় ধন সংগ্ৰহ আৰু নিৰ্বাচনী ব্যৱস্থাপনাতে অপচয় কৰিছে । কেৱল ইটোৰ পাছত সিটো নিৰ্বাচন পাতি মানুহক মূল ‘ইচ্ছ্যু’ৰ পৰা আঁতৰাই ৰাখিছে । তথাপি উত্তৰ প্রদেশ বিধানসভা নির্বাচনৰ ফলাফল ইমান বেয়া হ’ব বুলি আমি ভবা নাছিলো । আচলতে ‘পাব্লিক মেম’ৰি’ও যথেষ্ট কমি আহিছে । নহ’লে, চৰকাৰৰ ভুল নীতি আৰু সাম্প্ৰদায়িক ৰাজনীতিৰ ফলত ইমান দুৰ্ভোগ ভুগি থকাৰ পাছতো বিজেপিকে পুনৰ ক্ষমতাৰ বাট নেদেখুৱালেহেঁতেন ।

প্ৰকৃত অৰ্থত গণতন্ত্ৰ নোহোৱা হৈছে, এতিয়া গিমিকৰ ৰাজনীতি চলিছে
লুৰীণজ্যোতি গগৈ, সভাপতি, অজাপ

সম্প্ৰতি ভাৰতবৰ্ষত প্ৰকৃত অৰ্থত গণতন্ত্ৰ নোহোৱা হৈছে । এতিয়া গিমিকৰ ৰাজনীতি চলিছে । মানুহো গিমিকত মোহাচ্ছন্ন হৈছে । অৰ্থসৰ্বস্ব ৰাজনীতিয়ে সকলো গ্ৰাস কৰিছে । ৫০০-১০০০-৫০০০ টকাৰ অৰ্থসৰ্বস্ব ৰাজনীতিৰ প্ৰভুত্ব বাঢ়িছে । সেই ৰাজনীতিৰ পৰা জনগণক বিৰোধীয়ে উদ্ধাৰ কৰিব পাৰে; কিন্তু পৰা নাই । সেইবাবে বাৰে বাৰে বিৰোধী ব্যৰ্থ হৈছে । পিপুলিষ্ট ৰাজনীতিৰ প্ৰাধান্যক হ্ৰাস কৰাত বিৰোধী সম্পূৰ্ণ বিফল হৈছে । মানুহক বিৰোধীয়ে বুজোৱাত ব্যৰ্থ হৈছে । গাইড দিয়াত ব্যৰ্থ হৈছে । সেই ব্যৰ্থতাৰ প্ৰভাৱ ৰাজনীতিৰ ফলাফলত পৰাটো স্বাভাৱিক কথা ।

মানুহ পিপুলিষ্ট কাৰবাৰবোৰত মোচ্ছন্ন নহ’বলৈ শিক্ষিত হ’ব লাগিব, কথাবোৰ বুজি পাব লাগিব। হয়তো গৰিষ্ঠসংখ্যক মানুহে বুজিবলৈও বিচৰা নাই । গিমিকৰ মোহৰ সকলো যেন বন্দী । আমাক মানসম্পন্ন ৰাজনীতি লাগিব । আমি আশাবাদী, এদিন সেই যোগাত্মক পৰিৱেশ সৃষ্টি হ’ব । আমি বিৰোধীয়ে মানসম্পন্ন ৰাজনীতিৰ বিষয়ে মানুহে পতিয়ন নিয়াবলৈ সক্ষম হ’ম । নোৱৰালৈকে এনেকুৱাবোৰেই চলি থাকিব ।

Exit mobile version