শিক্ষক বেৰলাও বেথাও ব্ৰহ্মৰ হত্যাকাৰীক চিনাক্ত কৰি উপযুক্ত শাস্তিৰ দাবী এবছু-ইউপিপিএল দলৰ

WhatsApp Image 2022 03 11 at 7.08.24 PM

কোকৰাঝাৰ জিলাৰ ফকিৰাগ্ৰাম থানাৰ অধীন তিনিকোনা গাঁৱৰ বাসিন্দা শিক্ষক বেৰলাও বেথাও ব্ৰহ্মক নিশাৰ এন্ধাৰৰ সুযোগ লৈ অচিনাক্ত দুষ্কৃতিকাৰীয়ে ঘৰৰ পৰা জোৰ কৰি নি গভীৰ অৰণ্যৰ মাজত পৰিকল্পিত হত্যা কৰে । এই কাৰ্যক ধিক্কাৰ জনোৱাৰ লগতে দোষীক চিনাক্ত কৰি উপযুক্ত শাস্তিৰ দাবী জনায় এবছুৰ লগতে ইউপিপিএল দলৰ কোকৰাঝাৰ জিলা সমিতিয়েও ।

আজি এবছু আৰু ইউপিপিএল দলৰ এটা সজাতি দল পৃথকে পৃথকে শিক্ষক বেৰলাও বেথাও ব্ৰহ্মৰ ঘৰত উপস্থিত হৈ মৃত্যু হোৱা শিক্ষকজনৰ ঘটনাটোৰ খবৰ লয় । লগতে কোকৰাঝাৰ জিলা প্ৰশানৰ ওচৰত দোষীক চিনাক্ত কৰি ফাষ্টট্ৰেক আদালতত বিচাৰ কৰি উপযুক্ত শাস্তিৰ দাবী জনাইছে ইউপিপিএল দলৰ জিলা সভাপতি সুৰজ মুচাহাৰী আৰু এবছুৰ কোকৰাঝাৰ জিলা সভাপতি কৃপেশ দৈমাৰীয়ে ।

Exit mobile version