দেশত বিগত ২৪ ঘণ্টাত ক’ভিডত নতুনকৈ আক্রান্তৰ সংখ্যা চাৰি হেজাৰ ১৯৪ । বৃহস্পতিবাৰে এই সংখ্যা আছিল চাৰি হেজাৰ ১৮৪ ।
বহু পৰিমাণে হ্ৰাস পাইছে সংক্রমণৰ হাৰ । যোৱা ১০ দিন ধৰি সংক্রমণৰ হাৰ একৰ তলত । শুকুৰবাৰে সংক্রমণৰ হাৰ ০.৫২ শতাংশ । লগতে সক্রিয় ৰোগীৰ সংখ্যাও আগৰ দিনৰ তুলনাত বহু কমিছে । কেন্দ্রীয় স্বাস্থ্য মন্ত্রণালয়ৰ ৰিপ’র্ট অনুযায়ী শুকুৰবাৰে সক্রিয় আক্রান্তৰ সংখ্যা ৪২ হেজাৰ ২১৯ ।
বিগত ২৪ ঘণ্টাত ক’ভিডমুক্ত হৈছে ছহেজাৰ ২০৮ জন । সুস্থতাৰ হাৰ ৯৮.৮০ শতাংশ ।
বিগত ২৪ ঘণ্টাত মৃত্যু হৈছে ২৫৫ জনৰ । দেশত ক’ভিডত মৃতৰ সংখ্যা বৃদ্ধি হ’ল পাঁচ লাখ ১৫ হেজাৰ ৭১৪ ।