Russia Ukraine War : ইউক্রেইনৰ হাস্পাতালত ২৪ বাৰ আক্ৰমণ ৰাছিয়াৰ !

Three killed in Ukraine hospital bombing including child as women 1200x720 1

মাৰিউপোলৰ হাস্পাতালত আক্ৰমণ ইউক্রেইনৰ স্বাস্থ্য সেৱাত একমাত্র ৰুছ আক্ৰমণ নহয় । ইউক্রেইনৰ স্বাস্থ্য ব্যৱস্থাত ২৪ বাৰ আক্ৰমণ কৰিছে মস্কোৱে । এই দাবী বিশ্ব স্বাস্থ্য সংস্থা (হু)-ৰ । এই ঘটনাক লৈ উদ্বেগ প্রকাশ কৰি হু-ৱে কৈছে, ‘‘এই আক্ৰমণৰ ফলত প্ৰায় ১২ জনৰ মৃত্যু হৈছে আৰু ১৭ জন আহত হৈছে । আহতসকলৰ প্ৰা‌য় আঠজন আৰু নিহতৰ দুজন স্বাস্থ্যকর্মী আছিল । ২৪ ফেব্রুৱাৰীৰ পৰা আঠ মার্চৰ ভিতৰত এই আক্ৰমণ চলোৱা হয় ।’’

ইয়াতেই শেষ নহয়, ইউক্রেইনত এইবাৰ জৈৱ আৰু ৰাসায়নিক অস্ত্র প্রয়োগ কৰাৰ পৰিকল্পনা কৰিছে ৰাছিয়াই । বুধবাৰে এই দাবী কৰিছে আমেৰিকাই । লগতে আমেৰিকাইও ইউক্রেইনৰ স’তে যৌথভাৱে জৈৱ আৰু ৰাসায়নিক অস্ত্রক লৈ কাম কৰিছে বুলি অভিযোগ কৰিছে মস্কোৱে । ৱাশ্বিংটনে ইতিমধ্যে এই অভিযোগ খাৰিজ কৰিছে ।

বুধবাৰে ৰুছ আগ্রাসনত মাৰিউপোলৰ এখন হাস্পাতাল ধ্বংস হৈছে । ইয়াৰ পাছতেই এই বিবৃতি দিছে হু-ৱে । এই ঘটনাক নিন্দনীয় বুলিও হু-ৱে জনাইছে ।

মাৰিউপোল চহৰ প্রশাসনৰ মতে, হাস্পাতালত ৰুছ বিমান আক্ৰমণৰ পাছত মহিলা, শিশু আৰু ডাক্তৰসহ মুঠ ১৭ জন আহত হৈছে । ক্ষেপণাস্ত্রৰ আঘাতত এটি শিশুসহ তিনিজনৰ মৃত্যু হৈছে বুলিও, প্রশাসনৰ তৰফৰ পৰা জনোৱা হৈছে ।

মাৰিউপোলৰ হাস্পাতালৰ উপৰিও জাইতোমিৰৰ দুখন অন্য হাস্পাতালতো, ৰুছ আক্ৰমণত ক্ষতি হৈছে । সেই সময়ত হাস্পাতালত এটি শিশু আছিল বুলিও মাৰিউপোলৰ মেয়ৰ ছের্হি সুখোমলিনে জনাইছে ।

প্রসংগত, মস্কো-কিভ সংঘাত শুকুৰবাৰে ১৬ দিন হ’ল । ইতিমধ্যে হাস্পাতালত আক্ৰমণ চলোৱাৰ বাবে বিশ্বজুৰি কঠোৰ প্রতিক্রিয়াৰ সন্মুখীন হ’বলগীয়া হৈছে ক্রেমলিনে ।

Exit mobile version