Delhi Fire : দিল্লীৰ গোকুলপুৰীত ভয়াৱহ অগ্নিকাণ্ড, মৃত সাত

pti03 12 2022 000029b 1647063511

শনিবাৰে দিল্লীৰ (Delhi) গোকুলপুৰী (Gokulpuri) এলাকাৰ জুপুৰিত ভয়াৱহ অগ্নি সংযোগ হোৱাৰ ফলত সাতজনৰো অধিক লোকে প্রাণ হেৰুৱায় । প্ৰায় ৬০টা জুপুৰি অগ্নিদগ্ধ হয় ।

শনিবাৰে নিশা এক বজাত অগ্নিনিৰ্বাপক বাহিনীক ঘটনাটো জনোৱা হয় । অগ্নিনিৰ্বাপক বাহিনীৰ প্রায় ১৩টা ইঞ্জিন ঘটনাস্থলত উপস্থিত হৈ কিছু ঘন্টাৰ ভিতৰতে জুই নুমুৱাই দিয়ে ।

দিল্লী ফায়াৰ ডিৰেক্টৰ অতুল গর্গে (Atul Garg) সংবাদ মাধ্যমক জনায়, “আমি সাতটা মৃতদেহ উদ্ধাৰ কৰিছো যিসকলক চিনিব পৰা নাই, দেখি লাগিছে তেওঁলোক শুই আছিল আৰু জুই অতি দ্রুত গতিত বিয়পি পৰাত পলায়ন কৰিব নোৱাৰে । প্ৰায় ৬০টা জুপুৰি সম্পূর্ণৰূপে জ্বলি গৈছে । আমি এতিয়াও জুইৰ কাৰণ জানিব পৰা নাই ।”

মুখ্যমন্ত্রী অৰবিন্দ কেজৰিৱালে এই ঘটনাত শোক প্রকাশ কৰিছে ।

উত্তৰ-পূব দিল্লীৰ (North East Delhi) সাংসদ মনোজ তিৱাৰিয়ে (Manoj Tiwari) সাতজনৰ মৃত্যুত শোক প্রকাশ কৰিছে । তেওঁ মুখ্যমন্ত্রী কেজৱালক ঘটনাৰ বিচাৰ বিভাগীয় তদন্তৰো দাবী জনাইছে । তেওঁ কয়, “সম্পূৰ্ণ বিষয়টোৰ এটা বিচাল বিভাগীয় তদন্ত কৰা উচিত আৰু শীঘ্ৰে আত্মীয়সকলৰ বাবে এক কোটি টকা সহায়তা ঘোষণা কৰা উচিত ।” মনোজ তিৱাৰিয়ে শনিবাৰে গোকুলপুৰী এলাকা পৰিদর্শন কৰিব । অগ্নি সংযোগ হোৱাৰ প্ৰকৃত কাৰণ এতিয়াও জানিব পৰা নাই ।

Exit mobile version