Russia-Ukraine War : ইউক্রেইনৰ মেলিটোপ’লৰ মেয়ৰক অপহৰণ কৰিলে ৰুছ সেনাই

এইবাৰ দক্ষিণ ইউক্রেইনৰ মেলিটোপ’লৰ মেয়ৰক অপহৰণৰ অভিযোগ উঠিল ৰুছ সেনাৰ বিৰুদ্ধে । ইউক্রেইনৰ পার্লিয়ামেন্টৰ তৰফৰ পৰা এটা বিবৃতিত জনোৱা হৈছে, শুকুৰবাৰে আশ্রয়কেন্দ্রত নাগৰিকসকলক সহায় কৰাৰ সময়ত অপহৃত হয় মেলিটোপ’লৰ মেয়ৰ । তেওঁক ১০ জন ৰুছ সেনাই বন্দী কৰি লৈ যায় । সেই চহৰো ৰুছ সেনাই অধীন কৰাৰ চেষ্টা কৰিছে বুলি খবৰ ।

মেয়ৰৰ অপহৰণৰ সন্দৰ্ভত ইউক্রেইনৰ ৰাষ্ট্ৰপতি ভল’দিমিৰ জেলেনস্কিয়ে এটা ভিডিঅ’ বার্তাত কয়, ‘‘এগৰাকী মেয়ৰ যিয়ে সাহসেৰে তেওঁৰ নগৰবাসীক ৰক্ষা কৰিছিল তেওঁক অপহৰণ কৰা হৈছে ।’’ তেওঁ লগতে কয়, ‘‘এই কাম কৰি নিজৰ দুর্বলতাৰ পৰিচয় দিছে আক্রমণকাৰীসকলে । তেওঁলোক সন্ত্রাসৰ নতুন স্তৰত উপনীত হৈছে য’ত ইউক্রেইন প্রশাসনৰ ব্যক্তিত্বকো নির্মূল কৰিব বিচাৰিছে তেওঁলোকে । আমাৰ মেয়ৰক বন্দী কৰি অপৰাধ কৰিছে ৰাছিয়াই । এই অপৰাধ কেৱল এজন ব্যক্তিৰ স’তে নহয়, সমগ্ৰ ইউক্রেইনৰ স’তে কৰা হৈছে ।’’ ৰুছ সেনাৰ আগ্রাসনক ‘ইছটলামি সন্ত্রাসবাদ’ বুলি মন্তব্য কৰিছে জেলেনস্কিয়ে ।

সামাজিক মাধ্যমত প’ষ্ট কৰা এটা ভিডিঅʼত দেখা যায় ক’লা কাপোৰেৰে ঢকা মুখ আৰু ক’লা পোছাাক পৰিধান কৰা এজন ব্যক্তিক এখন ঘৰৰ পৰা ওলিয়াই লৈ গৈছে কেইজনমান ৰুছ সেনাই । এই ভিডিঅ’টোকেই মেয়ৰৰ অপহৰণৰ ভিডিঅ’ বুলি দাবী কৰিছে ইউক্রেইনে ।

আনহাতে, ৰাষ্ট্ৰসংঘই এটা বিবৃতিত জনাইছে, ইউক্রেইনত এইবাৰ স্থানীয় নাগৰিকৰ ওপৰত আক্ৰমণ চলাইছে ৰাছিয়াই । স্কুল, হাস্পাতাল, বাসগৃহতো বোমা আৰু ক্ষেপণাস্ত্রৰে আক্ৰমণ চলাইছে পুটিন-সেনাই । হতাহতৰ সংখ্যা ক্রমশ বৃদ্ধি পাইছে ।

Exit mobile version