উৎসৱৰ বতৰত হ’ব লাগিব সাৱধান

01 holi feat

পৰম্পৰাগতভাৱে সকলোৱে ফাকুৱা উৎসৱত অংশগ্ৰহণ কৰে । ৰঙৰ উৎসৱ ফাকুৱাত শৰীৰত আবিৰ লোৱাৰ আঁৰত আছে লোকবিশ্বাস আৰু বিজ্ঞানসন্মত কাৰণ । এতিয়া অৱশ্যে বিষয়টো সুকীয়া হৈছে । আগতে আবিৰ প্ৰস্তুত কৰা হৈছিল প্ৰকৃতিৰ উপাদানেৰে । প্ৰকৃতিৰ বুকুত পোৱা বিভিন্ন ধৰণৰ উপাদানৰ সমাহাৰত প্ৰস্তুত কৰা আবিৰ গোঁসাইৰ সন্মুখত আগবঢ়োৱাৰ পাছত সকলোৱে খেলিছিল । ইয়াত ভক্তি ভাবো আছে ।

এতিয়া অৱশ্যে সময়ৰ পৰিৱৰ্তনৰ লগে লগে ফাকুৱা বা আবিৰৰ সংজ্ঞা সলনি হ’ল । ফাকু প্ৰস্তুত কৰোতে যিমানেই ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ হ’বলৈ ধৰিছে সিমানেই শৰীৰৰ বাবে অপকাৰী আৰু ৰোগৰ ভৰাল হৈছে ।

সাধাৰণতে বছৰৰ আন সময়ৰ তুলনাত এতিয়া প্ৰতিগৰাকী লোকৰেই ছালখন শুষ্ক হয় । বসন্ত ৰোগৰ লগতে আন বহুতো চৰ্ম ৰোগে গা কৰি উঠিবলৈ এখন উপযুক্ত ক্ষেত্ৰ লাভ কৰে । আগতে প্ৰকৃতিৰ বুকুৰ পৰা লাভ কৰা উপাদানেৰে ফাকু প্ৰস্তুত কৰা হৈছিল বাবে চৰ্ম ৰোগ আদি প্ৰতিৰোধ হৈছিল ।

ছালখনত ফাকু সানি দিয়াৰ পাছত ইয়াত থকা উপাদানে ছালখন মসৃণ কৰিছিল । এতিয়া পিছে বেছিকৈ ফাকু খেলিলে চৰ্ম ৰোগ হোৱাৰহে আশংকা থাকে । এনে কিছুমান ৰং আছে যিবোৰ ছালখনত দিয়াৰ লগে লগেই এলাৰ্জি হয় । সেই বাবে এলাৰ্জিৰ সমস্যা থকা লোকসকলে ফাকু খেলোতে সতৰ্কতা অৱলম্বন কৰিব‌ই লাগিব । কাৰণ এনে ৰোগ হ‌ওতে বেছি সময়ৰ প্ৰয়োজন নাই, মাথোঁ উপশম পাবলৈহে দীৰ্ঘদিন অপেক্ষা কৰিবলগীয়া হয় ।

আজি-কালি ফাকুৱাৰ পাছত বহুতো লোকৰ চৰ্মৰোগ গা কৰি উঠে । বিশেষকৈ এলাৰ্জিজনিত সমস্যাৰ বাবে চৰ্মৰোগে জটিল ৰূপ ধাৰণ কৰে । যদিহে কোনো লক্ষণ উদ্ধাৰ হোৱাৰ লগে লগে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ নকৰে তেতিয়াহ’লে সোনকালে উপশম লাভ কৰিব নোৱাৰি ।

যিসকলৰ শ্বাস-প্ৰশ্বাসজনিত সমস্যা আছে তেওঁলোকেও বিপদৰ সন্মুখীন হ’ব পাৰে । বিশেষকৈ হাঁপানী ৰোগ থাকিলে নিশাৰ ভাগত শ্বাস-প্ৰশ্বাসৰ সমস্যাৰ সৃষ্টি হয় । কাৰণ ফাকুৰ পৰা যিবোৰ ধূলি উঠে সেইবোৰ নাকত সোমোৱাৰ লগে লগে এলাৰ্জিয়ে গা কৰে ।

নাকটো বন্ধ হোৱাৰ দৰে হয় । চকুত ফাকু পৰিলেও বিপদ । বিশেষকৈ যিসকলৰ চকুৰ এলাৰ্জি আদি থাকে তেওঁলোকে গগলছ বা চশমা পিন্ধিহে খেলিব লাগে । কাৰণ এনে কৰিলে চকুত ধূলি পৰিব নোৱাৰে ।

Exit mobile version