জাপানৰ জাত্ৰীসকলে এতিয়াৰ পৰা পনিটেইল ষ্টাইলত চুলি বান্ধি শিক্ষানুষ্ঠানত প্ৰৱেশ কৰিব নোৱাৰিব । কিয়নো এই পনিটেইলৰ বাবেই ছাত্ৰসকলৰ মনত যৌন উত্তেজনাৰ সৃষ্টি হ’ব পাৰে । এনে আজৱ দাবীৰেই সম্প্ৰতি ছোৱালীৰ চুলিত পনিটেইল নিষিদ্ধ কৰিছে জাপানৰ শিক্ষানুষ্ঠানসমূহত ।
‘ভাইচ ৱৰ্ল্ড নিউজ’ৰ এক প্ৰতিবেদনত দাবী কৰা হৈছে যে এই ধৰণৰ বহু আচহুৱা নিষেধাজ্ঞাৰ বাবে কুখ্যাত হৈ পৰিছে জাপানৰ শিক্ষানুষ্ঠানসমূহ । মোজাৰ আকাৰ কিমান হোৱা উচিত, অন্তৰ্বাসৰ ৰং আদি নানা ধৰণৰ নিষেধাজ্ঞা আৰোপ কৰা হয় শিক্ষাৰ্থীসকলৰ ওপৰত । এজন স্কুল শিক্ষকৰ মন্তব্যৰ উদ্ধৃতি দি উক্ত সংবাদ মাধ্যমে জনাইছে, বিদ্যালয় কৰ্তৃপক্ষই তেওঁক জনাইছিল যে ছাত্ৰীসকলৰ ডিঙি আৰু কান্ধৰ সন্ধিৰ স্থান অনাবৃত হৈ থাকিব নোৱাৰিব । কিয়নো শৰীৰৰ সেই অংশ দৃশ্যমান হৈ থাকিলে ছাত্ৰসকলৰ দৃষ্টি তালৈ যাব আৰু তেওঁলোকৰ ‘যৌন উত্তেজনা’ বৃদ্ধি পাব । ইয়াৰ পাছতে ছাত্ৰীসকলৰ ওপৰত এই নিষেধাজ্ঞা আৰোপ কৰা হয় । সেই নিষেধাজ্ঞা ছাত্ৰীসকলে মানি ল’বলৈ বাধ্য হৈছিল ।
২০২০ৰ এক সমীক্ষাত দাবী কৰা হৈছে যে জাপানৰ ফুকুয়’কা চহৰৰ প্ৰতি ১০খন স্কুলৰ ভিতৰত এখনৰ পনিটেইল নিষিদ্ধ কৰা হৈছিল । উক্ত প্ৰতিবেদনত লগতে কোৱা হৈছে যে কোনো কোনো শিক্ষানুষ্ঠানত ছাত্ৰীৰ ‘বব হেয়াৰকাট’ক অনুমতি দিয়া দেখা গৈছে । তেনে কেশবিন্যাসতো ডিঙিৰ আৰু কান্ধৰ সংযোগস্থল দৃশ্যমান হয় যদিও ইয়াক অনুমতি প্ৰদান কৰা হৈছে । আকৌ কেতিয়াবা ‘আণ্ডাৰকাট’ নিষিদ্ধ কৰা হৈছে । এই ধৰণৰ আচহুৱা নিৰ্দেশনাৰ কোনো ব্যাখ্যা বিচাৰি পোৱা নাই শিক্ষাৰ্থীসকলে ।
মেইজি বিশ্ববিদ্যালয়ৰ সমাজবিদ্যা বিভাগৰ সহকাৰী অধ্যাপক আছাও নাইট’ৱে ‘ভাইচ ৱৰ্ল্ড নিউজ’ক কয়, ‘এখন শিক্ষানুষ্ঠানৰ পৰা আন এখন শিক্ষানুষ্ঠানত এই নিয়মসমূহৰ পৰিৱৰ্তন ঘটে । প্ৰজন্মৰ পাছত প্ৰজন্ম ধৰি এই নিয়মসমূহেই চলি থাকে । প্ৰায় উত্তৰ কোৰিয়াৰ দৰে যোৱা বছৰতে উত্তৰ কোৰিয়াত আটিল জিন্ছ পৰিধানত নিষেধাজ্ঞা জাৰি কৰিছিল কিম জন উনে । চুলি কটাৰ ধৰণতো নিষেধাজ্ঞা জাৰি কৰা হৈছিল ।’